শিক্ষক দিৱসৰ দিনাই আন্দোলনত নামিল ওৰাং ক'লাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক,কৰ্মচাৰী

শিক্ষক দিৱসৰ দিনাই আন্দোলনত নামিল ওৰাং ক'লাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক,কৰ্মচাৰী
Published on
Updated on

ডিজিটেল সংবাদ, ওৰাংঃ পবিত্ৰ শিক্ষক দিৱসৰ দিনাই প্ৰাপ্যৰ দাবীত আন্দোলন অনা-শিক্ষক কৰ্মচাৰীৰ ।অসমৰ ৩৩ খন স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰী ক্ষোভ। কৰ্মচাৰী সকলক চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ অসম স্নাতক মহাবিদ্যালয় অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ। নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু ভাট্টা প্ৰদানৰ দাবী ।

২০২১ চনৰ ১ জানুৱাৰীৰ পৰা বলবৎ হোৱাকৈ অসমৰ ৩৩ খন প্ৰাদেশীকৃত স্নাতক মহাবিদ্যালয়ত কৰ্মৰত অনা-শিক্ষক কৰ্মচাৰী সকলৰ দৰমহা আৰু অন্যান্য ভাট্টা নিয়মীয়া হাৰত প্ৰদানৰ দাবীত তিনিদিনীয়া কৰ্ম বিৰতি । প্ৰাদেশীকৃত হোৱাৰ পিছত এই সকল ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীয়ে নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত নাপালে কোনো সা-সুবিধা আৰু দৰমহা।

অনা শিক্ষক কৰ্মচাৰীক বিভিন্ন সা-সুবিধাৰ পৰা চৰকাৰে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰী সকলে। নিয়মীয়া কৰ্মচাৰী সকলে পোৱা সা-সুবিধা সমূহ দিয়াৰ পৰিৱৰ্তে প্ৰাদেশীকীকৃত স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীসকলক ফিক্স পে পদ্ধতিৰে দৰমহা প্ৰদান কৰি আছে চৰকাৰে। যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে এতিয়া ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী সকলৰ।

আজি শিক্ষক দিৱসৰ দিনাই হাতে-হাতে প্লেকাৰ্ড লৈ মহাবিদ্যালয়ৰ চৌহদত কৰ্ম বিৰতি পালন কৰ্মচাৰীৰ । নিয়মীয়া শিক্ষক কৰ্মচাৰী সকলৰ দৰে সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় এই সকল বঞ্চিত কৰ্মচাৰীয়ে । অন্যথা আন্দোলন আৰু তীব্ৰতৰ কৰাৰ হুংকাৰ।

সমান্তৰালকৈ এই সকল কৰ্মচাৰীৰ দাবী মানি নললে সমূহীয়া আত্মজাহৰো হুংকাৰ প্ৰদান কৰে ওৰাং মহাবিদ্যালয়ৰ বঞ্চিত কৰ্মচাৰীয়ে। ইফালে আন্দোলন কাৰ্যসূচী চলি থকা সময়ত আন্দোলন স্থলীত উপস্থিত হয় বিটিআৰৰ EM নিলুত স্বৰ্গীয়াৰী । স্বৰ্গীয়াৰীয়ে বঞ্চিত কৰ্মচাৰীৰ হৈ দুখ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই সমস্যা সমাধানৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে অসম চৰকাৰৰ লগত আলোচনাৰ আশ্বাস প্ৰদান কৰে ।

শিক্ষক দিৱসৰ দিনাই আন্দোলনত নামিল ওৰাং ক'লাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক,কৰ্মচাৰী
সদৌ অসম ভিত্তিত অনুষ্ঠিত পাঞ্জা প্ৰতিযোগিতা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in