ডিজিটেল ডেস্ক: বুধবাৰে ওৰাং ৰূপা পথৰ মাজবাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্রণ হেৰুৱাই বাইকে খুন্দা মাৰে ই-ৰিক্সাত।
ইয়াৰ ফলত থিতাতে নিহত ই-ৰিক্সা আৰোহী এগৰাকী মহিলা। নিহত মহিলাগৰাকীৰ নাম জয়া পাল বুলি জানিব পৰা গৈছে।
লগতে আহত হয় ই-ৰিক্সা আৰোহীসহ বাইক আৰোহীজন। দুয়োকে সংকটজনক অৱস্থাত টিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। আহতদ্বয় অঞ্জলি পাল, বাইক আৰোহী মিথিৰাজ দৈমাৰী। আনহাতে সামান্য পৰিমাণে আহত ই-ৰিক্সা চালক ৰাম কুমাৰ চৌধুৰী।