নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীক চোৰাং চিকাৰী সজাই গ্ৰেপ্তাৰ আৰক্ষীৰ!

নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীক চোৰাং চিকাৰী সজাই গ্ৰেপ্তাৰ আৰক্ষীৰ!
Published on
Updated on

ডিজিটেল সংবাদ, ওৰাংঃ ঢেকিয়াজুলিৰ দুগৰাকী নৱম শ্ৰেনীৰ ছাত্ৰক চোৰাং চিকাৰী সজাই আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ। অভিযোগ অনুসৰি ভুলবশত ৰাস্তা পাহৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৌহদত প্ৰৱেশ কৰা ছাত্ৰক সজালে চোৰাং চিকাৰী ৷

ঢেকিয়াজুলিৰ পাচনৈ নেপালী গাওঁৰ দুজন অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগ আৰু দলগাওঁ আৰক্ষীয়ে বলপূৰ্বক ভাৱে চোৰাং চিকাৰীক সজাই গ্ৰেপ্তাৰ কৰা ঘটনাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পৰিয়ালে কৰা অভিযোগ অনুসৰি নৱম শ্ৰেনীত অধ্যয়নত ছাত্ৰজনে পিতৃৰ সৈতে কাজিয়া লাগি ঘৰৰ পৰা ওলাই গৈ ৰাস্তা পাহৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছিল ৷ ছাত্ৰ জনে লগত লৈ গৈছিল স্কুলৰ পৰা পোৱা চৰকাৰে প্ৰদান কৰা চাইকেল, আধাৰ কাৰ্ড, পানকাৰ্ড আদি যাৱতীয় নথি পত্ৰও৷

কিন্তু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৌহদত ভূলৱশত প্ৰৱেশ কৰা ছাত্ৰ জনক চোৰাং চিকাৰী বুলি সজালে বনকৰ্মীয়ে৷ ছাত্ৰ জনে নিজে বনকৰ্মীক কৈছে যে তেওঁ ৰাস্তা পাহৰিছে। কিন্তু বনকৰ্মীয়ে কোনো ধৰনৰ তদন্ত নকৰাকৈ চোৰাং চিকাৰী সজাই জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

ইপিনে এই জন ছাত্ৰৰ হাতত থকা মোবাইলত একে গাঁৱৰে সহপাঠীৰ মোবাইল নম্বৰ পোৱাত বনকৰ্মী আৰু দলগাওঁ আৰক্ষীয়ে আন এজন ছাত্ৰকো আটক কৰি চোৰাং চিকাৰী সজাই গুৱাহাটীস্থিত নাবালক ন্যায় গৃহ ৰাখিছে৷ এই বিষয়টোকলৈ ঢেকিয়াজুলিৰ পাচনৈ নেপালি গাওঁৰ ভূক্তভোগি দুই ছাত্ৰৰ পৰিয়ালে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক হস্তক্ষেপৰ দাবী কৰি ছাত্ৰ দুজনক ন্যায় দিবলৈ অনুৰোধ জনায়৷

নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীক চোৰাং চিকাৰী সজাই গ্ৰেপ্তাৰ আৰক্ষীৰ!
অসমত ফিফা পৰ্যায়ৰ ষ্টেডিয়ামৰ পৰা ৪৩ টা নতুন পথঃ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in