ডিজিটেল সংবাদ, ওৰাং: ওৰাং আৰক্ষীৰ বৃহৎ সফলতা। বহিঃৰাজ্যৰ ২ নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ওৰাং আৰক্ষী। ছাউথ দিল্লীৰ আজ কলনীৰ ৰাজ কিশোৰ(২৪) আৰু ৰাজস্থানৰ হাভলা(৩৬) নামৰ দুই সৰবৰাহকাৰীক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
মৰিগাঁও জিলাৰ মিকিৰভেটাৰ জাজৰিৰ পৰা গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী ২জনক। ওৰাঙৰ ফটাশিমলু গাঁৱৰ ২ কিশোৰী সৰবৰাহ সম্পৰ্কীয় এক গোচৰ ৰুজু হৈ আছিল। ওৰাং আৰক্ষী থানাৰ পঞ্জীয়নভূক্ত ১২০/২৩ নম্বৰৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭০/৩৪ ধাৰাৰ গোচৰৰ তদন্ত কৰি কিছুদিন পূৰ্বে ওৰাং আৰক্ষীয়ে অভিযান চলাই হাৰিয়ানাৰ পৰা কিশোৰী ২গৰাকীক উদ্ধাৰ কৰাৰ লগতে ৪ নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল।
শনিবাৰে পুনৰ এই গোচৰত জড়িত বহিঃ ৰাজ্যৰ এই ২ গৰাকী যুৱক মৰিগাঁৱত অহাৰ খবৰ লাভ কৰি ওৰাং আৰক্ষীয়ে ততাতৈয়াকৈ মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষী থানাৰ সহযোগত অভিযান চলাই সৰবৰাহকাৰী ২জনক গ্ৰেপ্তাৰ কৰি ওৰাঙলৈ লৈ আহে। ৰবিবাৰে ওৰাং আৰক্ষীয়ে যুৱক ২জনক আদালতত হাজিৰ কৰে। অসমৰ যুৱতী, কিশোৰীক প্ৰলোভনেৰে বহিঃৰাজ্যলৈ লৈ দেহব্যৱসায়ত জড়িত কৰায় চক্ৰটোৱে।
Also Read: শৰাইঘাট দলঙত পুনৰ অঘটন