ডিজিটেল ডেস্কঃ চলিত বিত্তীয় বৰ্ষ সামৰণি পৰিবলৈ মাজত মাত্ৰ দুটামাহ বাকী থকা অৱস্থাত পুনৰ ঋণ লবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। নৱবৰ্ষৰ প্ৰথম মাহটোতেই চৰকাৰে ঋণ লোৱাৰ প্ৰস্তাৱ দাখিল কৰিছে।
সেইমর্মে বিত্ত বিভাগৰ আযুক্ত সচিবৰ দ্বাৰা ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত এই প্ৰস্তাৱ দাখিল কৰিছে। মন কৰিবলগীয়া যে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ যোৱা মাহত লোৱা ডেৰ হেজাৰ কোটি টকাৰ ঋণৰ ভিতৰত ৫০০ কোটি টকা চৰকাৰে নিজৰ ছিকিউৰিটি বণ্ড বন্ধকত দি লোৱাৰ দৰে অহা ৯ জানুবাৰীত বণ্ড বন্ধকত দিয়েই এহেজাৰ কোটি টকাৰ ঋণ ল'বলৈ ওলাইছে।
সেইমর্মে চলিত বিত্তীয় বর্ষত লোবা ঋণৰ পৰিমাণ প্রায় ১৬ হেজাৰ কোটি টকালৈ বৃদ্ধি পাইছে আৰু ফলত ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণে ১ লাখ ৫১ হেজাৰ কোটি টকাৰ ঘৰ স্পর্শ কৰিছে। প্রাপ্ত তথ্যমতে চলিত মাহৰ শেষৰ ফালে আৰু এহেজাৰ কোটিৰ লগতে অহা দুমাহত চাৰি হেজাৰ কোটি টকাৰ ঋণৰ লক্ষ্য নির্ধাৰণ কৰিছে। ৰাজ্য চৰকাৰে চলিত বিত্তীয় বর্ষৰ ভিতৰত ২৫ হেজাৰ কোটি টকাৰ ঋণ সংগ্রহৰ লক্ষ্য নির্ধাৰণ কৰিছিল।
আনহাতে নতুন দিল্লীত গৈ মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রীসহ অন্যান্য কেন্দ্রীয় মন্ত্রীবর্গক সোঁ-শৰীৰে দেখা-সাক্ষাৎ কৰিলেও কেন্দ্রই অসমৰ প্ৰাপ্য কেন্দ্রীয় শিতানৰ বৃহৎ অংকৰ পুঁজি আজিলৈ মোকলাই দিয়া দূৰৰ কথা বিভিন্ন অজুহাতত কর্তন কৰিছে। এনে অৱস্থাত ৰাজ্য চৰকাৰখনে জি ডি পি বৃদ্ধিৰ অংক দেখুৱাই প্ৰতিটো বিত্তীয় বর্ষতে ঋণৰ পৰিমাণ বৃদ্ধি কৰি আছে আৰু ফলত জনমূৰি ঋণৰ বোজা ২০১৭-১৮ বৰ্ষত ১৩,৫২১ হেজাৰ টকাৰ পৰা শেহতীয়াকৈ ৪০ হেজাৰ টকাৰ ঘৰ চুবলৈ ওলাইছে। ইপিনে চলিত বিত্তীয় বৰ্ষৰ ভিতৰত ঋণৰ সুত পৰিশোধৰ নামতে ৰাজ্য চৰকাৰে ৮,৮১৫ কোটি টকা পৰিশোধ কৰিবলগীয়া আছে।
Also Read: অক্টোবৰ মাহৰ পৰা বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক...