কংগ্ৰেছ নেতাৰ অসমবিৰোধী স্থিতিৰ বিৰুদ্ধে জাগীৰোডত ৰাইজৰ প্ৰতিবাদী সমদল

কংগ্ৰেছ দল অসমৰ উন্নয়নবিৰোধী, খিলঞ্জীয়াবিৰোধী, অসমীয়াবিৰোধীঃ মন্ত্ৰী পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ নেতাৰ অসমবিৰোধী স্থিতিৰ বিৰুদ্ধে জাগীৰোডত ৰাইজৰ প্ৰতিবাদী সমদল

ডিজিটেল ডেস্ক : কংগ্ৰেছ দলৰ মতে অসমত উন্নতি হ'ব নালাগে, অসমত উদ্যোগ হ'ব নালাগে। কংগ্ৰেছ দল অসমৰ উন্নয়ন বিৰোধী, খিলঞ্জীয়া বিৰোধী, অসমীয়া বিৰোধী। জাগীৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হোৱাৰ বাবে কংগ্ৰেছ জ্বলি-পকি মৰিছে। তেওঁলোক শান্তিত থাকিব পৰা নাই।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

কংগ্ৰেছ দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেৰ লগতে তেওঁৰ পুত্ৰ তথা মন্ত্ৰী প্ৰিয়াংক খৰ্গেৰ শেহতীয়া অসমবিৰোধী মন্তব্যৰ বিৰোধিতাত মঙলবাৰে জাগীৰোডত হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰা প্ৰতিবাদী সমদলত অংশ লৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে।

তেওঁ পুনৰ কয় যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে অসমীয়াৰ হিয়াৰ আমঠু ড০ ভূপেন হাজৰিকাক অপমান কৰিছিল। সেই মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গেয়ে টুইটাৰত প্ৰশ্ন কৰিছে যে অসমে কিয় ছেমি কণ্ডাক্টৰ উদ্যোগ পাব? অসমত হোনো ইক’ছিষ্টেম নাই, অসমৰ ল’ৰা-ছোৱালীয়ে হেনো একো নাজানে, নপঢ়ে, নুশুনে- এয়া চৰম অপমান।

এয়া কেৱল জাগীৰোডবাসীৰ কাৰণে নহয়, অসমবাসীৰ কাৰণে চৰম অপমান। এই কাৰ্যৰ মই তীব্ৰ প্ৰতিবাদ কৰিছো। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে আমি জনোৱা আহ্বানত প্ৰিয়ংক খৰ্গেক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে।

মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈকো তীব্ৰ সমালোচনা কৰি কয় যে গৌৰৱ গগৈও এই সন্দৰ্ভত অবান্তৰ, আবোল-তাবোল কিছুমান কথা কোৱা আৰম্ভ কৰিছে। গৌৰৱ গগৈয়ে ভিডিঅ’টো ক’ত আছে বুলি প্ৰশ্ন কৰিছে। কিন্তু ভিডিঅ’ কিয় থাকিব লাগে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই গৌৰৱ গগৈক উভতি ধৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ভেৰিফাইড টুইটাৰ একাউণ্টৰ পৰা প্ৰিয়ংক খৰ্গেয়ে টুইট কৰিছে, গতিকে ভিডিঅ’ কিয় লাগে? প্ৰিয়ংক খৰ্গেক মন্ত্ৰীগৰাকীয়ে এই কথাৰ বাবে ক্ষমা খুজিবলৈ আহ্বান জনোৱাৰ লগতে গৌৰৱ গগৈ, ভূপেন বৰাক অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান জনায়।

অসমলৈ এটা উদ্যোগ অহাৰ বাবে তেওঁলোক জ্বলি-পকি মৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কালি গৌৰৱ গগৈয়ে কৈছে যে জাগীৰোডত হেনো এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ’ব নালাগিছিল, বেলেগ ক’ৰবাত হ’ব লাগিছিল। জাগীৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হোৱাৰ কাৰণে গৌৰৱ গগৈয়ে কিয় বেয়া পাইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।

খিলঞ্জীয়া মানুহে ইয়াৰ পৰা সুবিধা পাব, সেই কাৰণে গৌৰৱ গগৈয়ে বেয়া পাইছে, যদি বৰপেটা, ধুবুৰীত এই ইণ্ডাষ্ট্ৰী হ’লহেঁতেন তেন্তে গৌৰৱ গগৈয়ে বেয়া নাপালেহেঁতেন বুলি মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক কটাক্ষ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে জাগীৰোডত ছেমি কণ্ডাক্টৰ ইউনিট স্থাপন হোৱাৰ বাবে কংগ্ৰেছীসকলৰ দেহত পোৰণি হৈছে।

তেওঁলোকৰ মতে এই ইউনিটটো বেলেগ ৰাজ্যত হ'ব লাগিছিল। কংগ্ৰেছ দলৰ এই মানসিকতাৰ বিৰুদ্ধে আজি ৰাইজ ওলাই আহিছে, প্ৰতিবাদ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ এই ষড়যন্ত্ৰক প্ৰতিহত কৰিব বুলি কয়। অসমৰ খিলঞ্জীয়া, অসমৰ ভাৰতীয় মানুহক আমি যিকোনো পৰ্যায়ত সহায় কৰিম বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ পুনৰ কয় যে যিটো কাম কংগ্ৰেছে কৰিব নোৱাৰিলে, সেইটো কাম ড০ হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুৱালে। আচলতে, এয়া কংগ্ৰেছৰ হিংসা। অসমীয়া মৰি যাওক, কেৱল তেওঁলোকক চৰকাৰ লাগে। এই এটা ইণ্ডাষ্ট্ৰীতে অকল ২৭ হাজাৰ কোটি টকা ব্যয় হ’ব আৰু এটা ইণ্ডাষ্ট্ৰীত ২৯ হাজাৰ ল’ৰা-ছোৱালীয়ে চাকৰি পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এয়া কোনোবাই ভাবিব পাৰিছিল নেকি, কংগ্ৰেছে ভাবিব পাৰিছিল নেকি বা কংগ্ৰেছে কৰিব পাৰিছিল নেকি বুলি প্ৰশ্ন কৰে।

মন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈকো চোকা সমালোচনা কৰে। তেওঁ কয় যে প্ৰদ্যুৎ বৰদৈয়ে স’ততে মাত মাতি থাকে, তেওঁ মোৰ বিৰুদ্ধে সদায় টুইট কৰে। বৰদলৈৰ সমষ্টিতে ছেমি কণ্টাক্টৰ ইণ্ডাষ্ট্ৰী হৈছে, মন্ত্ৰীগৰাকীয়ে বৰদলৈক এই বিষয়ত তেওঁৰ স্থিতি শীঘ্ৰে স্পষ্ট কৰিবলৈও আহ্বান জনাইছে।

মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কংগ্ৰেছে অসমৰ উন্নতি দেখিব নোৱাৰে, ইয়াত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ’লে বাহিৰত প্ৰশিক্ষণ লৈ থকা অসমীয়া যুৱক-যুৱতীসকল অসমলৈ উভতি আহিব। অসমৰ ল’ৰা-ছোৱালী অসমলৈ ঘূৰি আহক, কংগ্ৰেছে এয়া কেতিয়াও নিবিচাৰে।

এই গোটেই কথাটোত এটা ষড়যন্ত্ৰ আছে। তেওঁলোকৰ যড়যন্ত্ৰ প্ৰতিহত কৰা হ’ব। অসমৰ উন্নতি দেখিব নোৱাৰা মানুহে এই কামবিলাক কৰিছে, যিটো আমি কেতিয়াও হ’বলৈ নিদিওঁ। আমি অসমলৈ ইণ্ডাষ্ট্ৰী আনিমেই, আমি অসমৰ উন্নতি কৰিমেই মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে মন্তব্য কৰে।

উল্লেখ্য যে কংগ্ৰেছী পিতা-পুত্ৰ মল্লিকাৰ্জুন খৰ্গে-প্ৰিয়ংক খৰ্গেৰ অসমবিৰোধী স্থিতিক ভৰ্ৎসনা কৰি আৰু অসম কংগ্ৰেছ দলে তেওঁলোকৰ নেতাৰ অসমবিৰোধী মন্তব্যৰ বিৰুদ্ধে এটা শব্দও নোকোৱাকৈ মৌনতা অৱলম্বন কৰাৰ প্ৰতিবাদত আজি জাগীৰোডত এই বৃহৎ প্ৰতিবাদী সমদল অনুষ্ঠিত হয়। সমদলৰ পৰা প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ দলৰ সকলো নেতা-কৰ্মীকে অসমবিৰোধী মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে।

আজিৰ এই প্ৰতিবাদী সমদলত বিধায়ক ৰমাকান্ত দেউৰী, ৰূপক শৰ্মা, জিতু গোস্বামী, দিগন্ত কলিতা, সুশান্ত বৰগোঁহাই, মানৱ ডেকা, হেমাংগ ঠাকুৰীয়া, ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ, ৰূপেশ গোৱালা, শশীকান্ত দাসৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে।

Also Read: দেশৰ ১৪খন বানপীড়িত ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক অনুদান, অসমৰ বাবে ৭১৬ কোটি টকা

congress pijush hazarika jagiroad