ঢকুৱাখনাত নিদ্ৰাত মগ্ন কৃষি বিভাগ, পোকে নষ্ট কৰিলে হাজাৰ বিজাৰ হেক্টৰ খেতি

ঢকুৱাখনাত নিদ্ৰাত মগ্ন কৃষি বিভাগ, পোকে নষ্ট কৰিলে হাজাৰ বিজাৰ হেক্টৰ খেতি
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা : কৃষি প্ৰধান মহকুমা হিচাবে সৰ্ব পৰিচিত ঢকুৱাখনাৰ ভূবক্ষৰ পৰা উৎপাদিত সৰিয়হ আৰু আলুৱে ৰাজ্যখনৰ সৰ্বত্ৰৰ বজাৰ দখল কৰি আহিছে সুদীর্ঘ কাল ধৰি। মহকুমাটোৰ শ্ৰমজীৱী কৃষকৰ ৰাইজৰ নিজস্ব আৰু পৰম্পৰাগত এই কৃষি কৰ্মৰ জৰিয়তে হাজাৰ বিজাৰ চহা পৰিয়াল আৰ্থিক ভাৱে স্বাৱলম্বী হৈ অহাৰ লগতে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি মজবুত কৰি অহাত বৰেণ্য অৱদান আগবঢ়াই আহিছে।

ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে তথাকথিত কৃষি আঁচনিয়ে স্পৰ্শ নকৰাকৈও যুগ যুগ ধৰি নিজস্ব প্ৰচেষ্টাৰে এনে পৰম্পৰাগত খেতিৰ জৰিয়তে প্ৰচুৰ ভাবে লাভান্বিত হৈ অহা ঢকুৱাখনা মহকুমাৰ এইসকল খাটি খোৱা চহা পৰিয়াললৈ এইবাৰ নামি আহিছে ভয়াবহ দুৰ্যোগ। বিশেষকৈ মহকুমাটোৰ বৃহত্তৰ সোনাৰী চাপৰি কেঁকুৰী অঞ্চলৰ গঞা শ্ৰমজীৱী পৰিয়াল সমূহে কৰা পৰম্পৰাগত সৰিয়হ আৰু আলু খেতি দুবিধ অচিনাক্ত পোকে এফালৰ পৰা গছে পাতে ,ফলে খাই তহিলং কৰি এই ভয়াবহ দুৰ্যোগ নমাই আনিছে। 

দুৰ্ভগীয়া কৃষক পৰিয়াল সমূহে জানিবলৈ দিয়া মতে বৃহত্তৰ কেঁকুৰী, চেলাজানহৈ বাম গাঁও, বৰ্ষামুখ, বৰ পমুৱা, কুমাৰবাৰী আদি বিস্তীৰ্ণ অঞ্চলত কৃষক ৰাইজে কৰা সৰিয়হ আৰু আলু খেতি এফালৰ পৰা ধ্বংস কৰি গৈছে এই দুবিধ অচিনাক্ত পোকে। শেহতীয়া ভাবে কৃষক সকলে কৰা এনে খেতিৰ গছ, পাত ,ফচল সকলো দাহি মুহি খাই বিস্তীৰ্ণ কৃষি ভূমিত ধ্বংস লীলা চলাই গৈছে দীৰ্ঘ দিন ধৰি। সৰ্বশ্ৰান্ত কৃষক সকলে উপায়ন্তৰ হৈ বিভিন্ন কীট নাশক ঔষধ প্রয়োগ কৰিছে যদিও এনে কীট নাশকৰ প্ৰতি ভ্ৰূক্ষেপ নাই অচিনাক্ত পোকৰ ।

ঢকুৱাখনা মহকুমা সদৰত এটা বিয়াগোম কৃষি বিভাগ আছে চৰকাৰী বেতন উদৰস্থ কৰিবলৈ। কিন্তু কৃষকৰ এনে মহা দুৰ্যোগ কালত বিজ্ঞানসন্মত সমিধান প্ৰদান কৰিবলৈ এইসকল বেতন ভোগীৰ  মৰটোপনি ভগা নাই। পৰিণতিত বৃহত্তৰ অঞ্চলটোৰ  চহা ৰাইজে এতিয়া দিক বিদিক হেৰুৱাইছে বুলি আক্ষেপেৰে জনালে। কৃষক ৰাইজে জনোৱা মতে নদীপৰিয়া দ অঞ্চলৰ আলু খেতিত "হুই" পোক সদৃশ পোকৰ তাণ্ডৱ ৰোধিবলৈ কৃষকে কীট নাশক প্ৰয়োগ কৰিছে যদিও উক্ত স্থান পৰিহাৰ কৰি নিমিষতে অন্য স্থানত এই পোকৰ উপদ্ৰৱ আৰম্ভ হয়।  তদ্রুপ ভাবে সৰিয়হ খেতিটো প্ৰথম বাৰৰ বাবে আৰম্ভ হোৱা কীটৰ নিৰন্তৰ  আক্ৰমণ অব্যাহত আছে বৃহত্তৰ অঞ্চলটোত । বিগত এটা পষেকৰো অধিক কাল ধৰি পোকে এই নিৰ্বিচাৰ তাণ্ডৱ চলাই চহা ৰাইজৰ সপোন থান বান কৰি আহিছে অথচ খবৰ নাই মহকুমা কৃষি বিষয়া ,কৃষি উন্নয়ন বিষয়াকে প্ৰমুখ্য কৰি বিভাগীয় চৰকাৰী বেতন ভোগী সকলৰ।

নিজৰ চকুৰ সন্মুখতে ঠন ধৰি উঠা বিশাল কৃষি ভূমি পদে পদে  নিশ্চিহ্ন হোৱা প্ৰত্যক্ষ কৰি হাঁহাকাৰ কৰিছে কৃষক সকলে। উল্লেখ্য যে চলিত বৰ্ষত কৃষক সকলে পলমকৈ ইউৰিয়া লাভ কৰাৰ বাবে সৰিয়হ আৰু আলু খেতি কৰাত কিছু পলম হৈছিল । এই পলমকৈ হোৱা কৃষি ভূমিতে দিনে নিশাই অগণন পোকে আক্ৰমণ চলাই কৃষকৰ সপোন থানবাণ কৰি দিছে । ৰাজ্যখনৰ কৃষি মন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাবক মন্ত্ৰী অতুল বৰাৰ এই ক্ষেত্ৰত জৰুৰী হস্তক্ষেপ দুৰ্ভগীয়া কৃষক ৰাইজে কামনা কৰি কেৱল বেতনৰ আশাত দিন কটোৱা মহকুমা কৃষি বিভাগটোৰ অৱহেলাপূৰ্ণ স্থিতিৰ ওপৰত তদন্তৰ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in