ডিজিটেল ডেস্ক : দেশজুৰি পি এফ আইৰ বিৰুদ্ধে এন আই এৰ অভিযান অব্যাহত থকাৰ মাজতেই মহানগৰীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ পি এফ আইৰ নেতা । দেশৰ সৰ্বমুঠ ১০ খন ৰাজ্যত এই অভিযান চলাইছে এন আই এয়ে । আৰু এই অভিযানত এন আই এক সহযোগ কৰিছে ইডিয়ে । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ উদ্যোগত চলা এই অভিযানত ইতিমধ্যে তেলেংগানা, কেৰালা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, দিল্লী, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু অসমত আটক কৰা হৈছে ১০০ৰো অধিক সৰু-বৰ নেতা আৰু দলীয় কৰ্মীক । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ ভাষ্য অনুসৰি, ই বৰ্তমানলৈ দেশৰ সৰ্ব বৃহৎ অভিযান ।
উল্লেখ্য যে, পি এফ আই অৰ্থাৎ পপুলাৰ ফ্ৰ'ন্ট অৱ ইণ্ডিয়া হৈছে এটা ইছলামিক সংগঠন । পি এফ আইৰ সভাপতি ওমা আব্দুল চালামৰ বাসগৃহতো এন আই এয়ে চলায় অভিযান । সন্ত্ৰাসবাদক উদগনি আৰু সন্ত্ৰাসবাদীক ধন যোগানৰ অভিযোগত চলোৱা হৈছে দেশজুৰি এই অভিযান ।
দেশজুৰি এই অভিযান চলি থকাৰ মাজতেই প্ৰথমে বকো আৰু নগৰবেৰাত দুজন যুৱকক সন্দেহৰ আবৰ্তত গ্ৰেপ্তাৰ কৰাৰ পাছতেই এইবাৰ হাতীগাঁৱত গ্ৰেপ্তাৰ পি এফ আইৰ নেতা । আনহাতে, এন আই এৰ এই অভিযানৰ প্ৰতিবাদ কৰে পি এফ আইৰ কৰ্মীসকলে । প্ৰতিবাদকাৰীৰ মন্তব্য অনুসৰি, চৰকাৰৰ বিপক্ষে থকা কন্ঠ ৰোধ কৰিবলৈ হাতত লোৱা হৈছে এই প্ৰচেষ্টা ।