ডিজিটেল সংবাদ,ঢকুৱাখনা : অসমৰ অন্যতম নীৰৱ শংকৰী লোক-সংস্কৃতিৰ সাধক, বৰবায়ন তথা অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ফটিক চন্দ্ৰ হাজৰিকাৰ দেহাৱসান। ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ ঘাহি গাঁৱৰ নিজা বাসগৃহত বৃহস্পতিবাৰে নিশা প্ৰায় ১০-৪৩ বজাত ধৰ্মপ্ৰাণ ব্যক্তি গৰাকীৰ ৯৮ বছৰ বয়সত বৈকুণ্ঠগামী হয়।
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক মাৰ্গ দৰ্শনত আত্মনিয়োগ কৰি আমৃত্যু গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি চৰ্চা আৰু সংবৰ্ধন কৰি যোৱা একনিষ্ঠ সেৱক আছিল হাজৰিকা। ব্ৰজাৱলী ভাষাত অৰ্ধ শতাধিক অংকীয়া ভাওনাৰ সৃষ্টিকৰ্তা,প্ৰণেতা , গুৰুবাদ্য খোল,গায়ন বাদনৰ লগতে ভাওনা, ৰাসৰ অভিনয়ত সিদ্ধহস্ত আৰু উত্তৰ অসমৰ এগৰাকী সব্যসাচী বায়ন আৰু ভাওনা প্ৰশিক্ষক হিচাপে নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিবলৈ সক্ষম হৈছিল।
উল্লেখ্য যে, লোক-সংস্কৃতিৰ সাধক হাজৰিকাক ৰাজ্য চৰকাৰে ২০২০ চনত শিল্পী পেঞ্চন প্ৰদান কৰি নীৰৱ সাধনাৰ স্বীকৃতি প্ৰদান কৰিছিল। ১৯২৪ চনত জন্মগ্ৰহণ কৰা হাজৰিকাই ১৯৭৫ চনত ঘিলামৰা গাঁও পঞ্চায়তৰ পৰা সভাপতি হিচাপে নিৰ্বাচিত হৈ বিভিন্ন জনহিতৈষী সেৱাৰে ৰাইজৰ আস্থাভাজন হৈ পৰিছিল।
প্ৰায় ৯৯ বছৰীয়া বাৰ্ধক্যয়ো তলাব নোৱাৰা বৰবায়নগৰাকীয়ে মৃত্যুৰ আগলৈকে আধ্যাত্মিক দিক নিৰ্দেশনা প্ৰদান কৰি জন্মভূমি ঘিলামৰা ঘাহি গাঁৱবাসীক উপকৃত কৰি থৈ যায়। দুগৰাকী পুত্ৰ আৰু ৬গৰাকী কন্যা সন্তানৰ লগতে আত্মীয় স্বজন,অগণন গুণগ্ৰাহী আৰু ঘাহি গাঁওবাসীক অভিভাৱকহীন কৰি হাজৰিকাই বৈকুণ্ঠলৈ গতি কৰাৰ খবৰ পাই অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে পুৱাই অজস্ৰ গুণমুগ্ধৰ আগমন ঘটে।
ঘাহি গাঁৱৰ যুৱক সংঘৰ তৎপৰতাত শুক্ৰবাৰে পুৱা প্ৰয়াত বৰবায়ন হাজৰিকাৰ নশ্বৰদেহ এখন শুভ্ৰবাহনত উঠাই সমগ্ৰ ঘিলামৰা অঞ্চল গায়ন-বায়নেৰে পৰিভ্ৰমণ কৰি অন্তিম যাত্ৰা কৰোৱা হয়। পৰৱৰ্তী সময়ত ধৰ্মীয় ৰীতি নীতিৰে ধৰ্মপ্ৰাণ হাজৰিকাৰ শেষকৃত্য সম্পন্ন কৰা হয় ।
লোক-সংস্কৃতিৰ সাধকগৰাকীৰ বিয়োগত ঘিলামৰা উন্নয়ন সমিতি, ঘিলামৰা ব্যৱসায় সন্থা, সূত সন্মিলনৰ ঢকুৱাখনা জিলা সমিতি আৰু ঘিলামৰা আঞ্চলিক সমিতি, ঘিলামৰা প্ৰেছ ক্লাব, ঘিলামৰা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা, ঘিলামৰা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,ইংগিত নাট্য গোষ্ঠী, ঘিলামৰা ক্ৰীড়া সন্থা ,ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, বৃহত্তৰ কঢ়াপৰীয়া দক্ষিণ ঘিলামৰা ৰঙালী বিহু সন্মিলন,ঘাহি গাঁৱবাসী ৰাইজ, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে, ঘিলামৰা ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি সুভাষ দিহিঙীয়া , ঘিলামৰা ব্লক যুৱ কংগ্ৰেছ সমিতি আৰু অগণন দল সংগঠনে আজীৱন সাংস্কৃতিক সাধকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।
লগতে শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । ইপিনে বৰ্ষীয়ান বৰবায়নগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আত্মাৰ সদগতি কামনাৰে ঘিলামৰা ব্যৱসায় সন্থাই শনিবাৰে পুৱাৰ পৰা দুপৰীয়া ১১ বজালৈ ঘিলামৰাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Also Read: স্পেলিং বী প্ৰতিযোগিতাত খিতাপ দখল কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে দেৱ শ্বাহে