চিত্ৰ আৰু মিশ্ৰিত কলাৰ ক্ষেত্ৰত নিৰবিচিন্ন ভাৱে কাম কৰাৰ বাবে প্ৰদীপ মজুমদাৰলৈ ডক্টৰেট

চিত্ৰ আৰু মিশ্ৰিত কলাৰ ক্ষেত্ৰত নিৰবিচিন্ন ভাৱে কাম কৰাৰ বাবে প্ৰদীপ মজুমদাৰলৈ ডক্টৰেট

Published on

ডিজিটেল সংবাদ,নগাঁও : চিত্ৰ কলা আৰু মিশ্ৰিত শিল্পকলাৰ ক্ষেত্ৰত নিৰবিচিন্ন ভাৱে কাম কৰি অহাৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে নগাঁৱৰ শিল্পী প্ৰদীপ মজুমদাৰে ৷ বিগত ৩৭ বছৰে শিল্পী মজুমদাৰে চিত্ৰ আৰু মিশ্ৰিত শিল্পকলাৰে কাম কৰি অহাৰ স্বীকৃতি স্বৰূপে ইনষ্টিটিউট অৱ এন্টাৰপ্ৰেনিউৰশ্বিপ এণ্ড মেনেজমেন্ট ষ্টাডিজ ইউ এছ এ ( আই ই এম এছ ) য়ে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে ৷

দিল্লীৰ আনন্দ বিহাৰৰত অনুষ্ঠিত এক কাৰ্যসূচীত আনুষ্ঠানিক ভাবে শিল্পী প্ৰদীপ মজুমদাৰক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে আই ই এম এছৰ সঞ্চালক অংকিত ৰামা কৌশিকে ৷ শিল্পী মজুমদাৰৰ শিল্পকলা ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰদৰ্শন হোৱাৰ লগতে লণ্ডনতো প্ৰদৰ্শন হৈছে ৷ চলিত বৰ্ষৰ অক্টোবৰ মাহত জেনেভাত অনুষ্ঠিত হব লগা এক চিত্ৰ প্ৰদৰ্শনীটো প্ৰদীপ মজুমদাৰে অংশ গ্ৰহণ কৰিব ৷ মজুমদাৰৰ ঘৰৰ নগাঁও চহৰৰ আমোলাপট্টি ঘনশ্যাম বৰা পথত ৷

চিত্ৰ আৰু মিশ্ৰিত কলাৰ ক্ষেত্ৰত নিৰবিচিন্ন ভাৱে কাম কৰাৰ বাবে প্ৰদীপ মজুমদাৰলৈ ডক্টৰেট
ভূটানত মৃত্যু অসমৰ যুৱকৰ, উটি গৈছিল বাঢ়নী পানীত ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in