ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ফুলনি গাঁৱস্থিত শিৱ মন্দিৰৰ সন্মুখত মঙলবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।
জানিব পৰা মতে ডিফু দিশৰ পৰা নগাঁও অভিমুখে গৈ থকা এখন ডাম্পাৰ আৰু লাংহিন দিশৰ পৰা ফুলনিৰ অভিমুখে আহি থকা AS-02-A-K3705 নম্বৰৰ স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হয় ।
পথ দুৰ্ঘটনাটো সংঘটিত কৰি ডাম্পাৰখন দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আনহাতে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা ফুলনি গাঁওৰ নিৱাসী দীপক বৰা নামৰ স্কুটি আৰোহীজনক স্থানীয় ৰাইজৰ তৎপৰতাত ফুলনি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু দীপক বৰাৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে যদিও আধাবাটতে মৃত্যু বৰণ কৰে ।
Also Read: ব্যক্তি মৃত্যুৰ ঘটনাঃ আনন্দ মহিন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু