হাফলঙত জিলাভিত্তিত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

হাফলঙত জিলাভিত্তিত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা
Published on
Updated on

ডিজিটেল সংবাদ, হাফলংঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে হাফলঙত আয়োজিত জিলা ভিত্তিক শিক্ষক দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । ডিমা হাচাও জিলাৰ ১৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা আজিৰ অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

সমাজৰ শিক্ষকসকলে জীৱন গঢ়াৰ দৰে পৱিত্ৰ কৰ্মত ব্ৰতী হৈ আমাৰ উত্তৰ প্ৰজন্মক বাট দেখুৱাই লৈ যায় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সমাজৰ শিক্ষকসকলৰ ত্যাগ আৰু মহানতাৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে । আনহাতে আজিৰ মোবাইল আৰু ইন্টাৰনেট নিৰ্ভৰ সময়ত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন এক প্ৰত্যাহ্বানৰ মুখামুখি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে ছাত্ৰ-ছাত্ৰীৰ মৌলিক আৰু বৌদ্ধিক বিকাশৰ বাবে আজিৰ শিক্ষাগুৰুসকলে যথেষ্ট কষ্ট কৰিব লগাত পৰিছে ।

মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ শিক্ষামন্ত্ৰী থকা সময়ত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত টেট পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো নিকা আৰু মেধাভিত্তিত কৰিবলৈ আৰম্ভ কৰিছিল । বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ উন্ময়নৰ বাবে বহুতো শিক্ষকক নিযুক্তি প্ৰদান কৰা আৰু বিদ্যালয় নিৰ্মাণৰ দৰে কাম হাতত লৈ খৰতকীয়াকৈ সমাপ্ত কৰা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।

আজিৰ শিক্ষক দিৱসৰ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় যোগান মহন আৰু নন্দিতা গাৰ্লোছাৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছা, পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, আৰু জিলা আয়ুক্ত উপস্থিত থাকে ।

হাফলঙত জিলাভিত্তিত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা
হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে শৰ্মিষ্ঠা প্ৰীতম আৰু প্ৰাঞ্জল মহন্তই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in