"লোকসভা নিৰ্বাচনত আমি ১১খন আসনত জয় লাভ কৰিম"- মন্ত্ৰী পীযুষ হাজৰীকা

কংগ্ৰেছে মানুহক শপত খুৱাই ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে। সংখ্যালঘু লোকৰ আধিপত্য থকা সমষ্টিতহে কংগ্ৰেছে হয়তো এটা চিটত জিকিব পাৰে । কৰ্ণাটক মডেল নহয়, অসম মডেলৰ কথা ভাৱকঃ মন্ত্ৰী পীযুষ হাজৰীকা ।

author-image
Asomiya Pratidin
New Update
"লোকসভা নিৰ্বাচনত আমি ১১খন আসনত জয় লাভ কৰিম"- মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ 'আগন্তুক লোকসভা নিৰ্বাচনত আমি ১১খন আসনত জয় লাভ কৰিম আৰু আসনৰ সংখ্যা ১২খনো হ’ব পাৰে।’ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। পেট্ৰ’ল ডিপোত তেল ফ্ৰি দিয়া, ৰন্ধন গেছৰ ছিলিণ্ডাৰ ফ্ৰী দিয়াৰ বাবে কংগ্ৰেছে শপত লোৱা কাৰ্যই বিজেপিক শলঠেকত পেলাব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে ওলোটাই 'শপত কোনে দি আছে’ বুলি প্ৰশ্ন কৰি আগতে কংগ্ৰেছৰ চৰকাৰ আহিব লাগিব, তেতিয়াহে তেওঁলোকৰ শপতে কাম কৰিব বুলি মন্তব্য কৰে।

প্ৰসংগক্ৰমে মন্ত্ৰী হাজৰীকাই ইণ্ডিয়া টিভি আৰু চিএনএক্স অপিনিয়ন পলৰ কথা উল্লেখ কৰে। তেওঁ কয় যে- সমীক্ষাত তেওঁলোকে প্ৰকাশ কৰা মতে অসমত লোকসভা নিৰ্বাচনত বিজেপিয়ে এইবাৰ ১২খন আসন পাব। অপেনিয়ন পল ফলিয়ায়, এক্সিট পল ফলিয়ায় বেছিভাগ মানুহে এয়া জানে। ইণ্ডিয়া টিভি আৰু চিএনএক্স অপেনিয়ন পলে বৃহস্পতিবাৰে কৈছে যে- অসমত বিজেপিয়ে ১২খন আসন জিকিব। আৰু আমি আগৰে পৰা কৈ আছো। মইতো বহুবাৰ কৈ আছো। মুখ্যমন্ত্ৰীও বহুবাৰ কৈ আছে। গতিকে লোকসভাত ১৪খনৰ যদি ১২খনত জিকো, বিধানসভা নিৰ্বাচনতো ১০০খনৰ ওপৰত জিকিম। গতিকে কংগ্ৰেছে শপত যে কাৰোবাক দিছে, শপত খোৱা মানুহখিনিয়ে প্ৰথমে ভোট দিয়কচোন তেওঁলোকক বুলি কটাক্ষ কৰে। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কংগ্ৰেছে মানুহক শপত দি ব্লেকমেইল কৰিব লগা হৈছে। শপত দি তেওঁলোকে ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে।

কংগ্ৰেছৰ বিনামূলীয়া বিদ্যুতৰ প্ৰসংগতো মন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায়। কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে- কংগ্ৰেছে বিদ্যুৎ ফ্ৰী দিম বুলি কয়, তেওঁলোকৰ চৰকাৰ আহিলেহে দিব। ১৫ বছৰে চৰকাৰ আছিল কংগ্ৰেছৰ, তেতিয়া ফ্ৰী দিছিল নেকি তেওঁলোকে ? য’ত য’ত কংগ্ৰেছৰ চৰকাৰ আছে, তাত দিছে নেকি ? আজি ৰাজস্থানত যাওক, তাত অসমত কৈ ১৬-১৭ টকা পেট্ৰ’ল-ডিজেলৰ দাম বেছি। ৰাজস্থানত কেইদিন আগলৈকে ১০৯ টকা আছিল পেট্ৰ’লৰ দাম, অসমত ৯৭ টকা।

কংগ্ৰেছ শাসিত ৰাজ্যত পেট্ৰ’লৰ দাম বেছি আৰু তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয় বুলি মন্ত্ৰী হাজৰীকাই কংগ্ৰেছক সমালোচনা কৰে। প্ৰথমে তেওঁলোকে য’ত শাসন কৰিছে, তাত পেট্ৰ’ল-ডিজেলৰ দাম কমাওক। তাতেই গেছ ফ্ৰী দিয়ক, তাতেই বিদ্যুৎ ফ্ৰী দিয়ক বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে। সাংবাদিকে উত্থাপন কৰা কৰ্ণাটক মডেল সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে- কৰ্ণাটকত একো হোৱাই নাই। কৰ্ণাটকত আপোনালোকেতো দেখাই নাই, ডেপুটী চিএমে কৈছে যে তাত উন্নয়নৰ পইচা এইবাৰ এটকাও নাই। কৰ্ণাটকৰ ডেপুটী চিএমজনে অসহায়ভাৱে কৈছে যে বেংগোলুৰুৰ উন্নয়নৰ কাৰণে ১০০ টকা এটাও নাই।

অসমৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে- আমি অৰুণোদয় দি আছো। অৰুণোদয়ত আমি টকাকেইটা ভাগ ভাগ কৰি দিছো, কোনখিনি গ্লোচাৰিৰ কাৰণে, কোনখিনি বিদ্যুতৰ কাৰণে। বিদ্যুতৰ কাৰণে ২৫০ টকা অৰুণোদয়ত আমি দি আছো। সেয়ে কংগ্ৰেছে এইবোৰ অপপ্ৰচাৰ যিমান কৰে লাভ নাই বুলি উল্লেখ কৰে। যিটো অপেনিয়ন পল দেখুৱালো সেই অনুসৰি কংগ্ৰেছে ক’ৰবাত হয়তো এটা চিট পাব বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে- য’ত য’ত সংখ্যালঘু লোকৰ আধিপত্য আছে, তাৰ ভিতৰত কংগ্ৰেছে হয়তো এটা চিট পাব পাৰে।

অসমীয়া মানুহ থকা, ভাৰতীয় মানুহ থকা সমষ্টিত তেওঁলোক জিকিব নোৱাৰে। যোৱা নিৰ্বাচনত তেওঁলোকে ২৭ টা নে ২৮ চিটত জিকিছিল, অহাবাৰ কংগ্ৰেছে মাত্ৰ ১৫ টা সমষ্টিত জিকিব বুলি তেওঁ কয়। কৰ্ণাটক মডেলৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে এই মডেল মানে টুপি পিন্ধোৱা মডেল বুলি কয়। কৰ্ণাটকত একেৰাহে তিনিদিন বন্ধ হ’ল। যোৱা আঢ়ৈ বছৰত অসমত 'অসম বন্ধ’ হৈছে নেকি বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে। কৰ্ণাটকত আপোনালোকে খবৰ লওক। আপোনালোকে গুগল চাৰ্ছ কৰকচোন, ইমান যদি ভাল চৰকাৰ হয় কাবেৰীৰ পানীৰ বিবাদত একেৰাহে ৩দিন কৰ্ণাটক বন্ধ হয় নেকি? এয়াই কৰ্ণাটক মডেল নেকি? অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত অসম বন্ধ হৈছে নেকি? এয়াই হৈছে অসম মডেল। অসম মডেলৰ কথা ভাৱক বুলি কৈ মন্ত্ৰী পীযুষ হাজৰীকাই তাৎপৰ্যপূৰ্ণ মন্তব্য।

Also Read: নগাঁও কলেজত "দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা" প্ৰদান...

পীযুষ হাজৰীকা