ডিজিটেল সংবাদ,নগাঁও : “ নিশ্চিত লক্ষ্যৰ দিশে ধাৱমান হৈছো ৷ আমাৰ কৰিব লগা কাম আৰু আছে ৷ আমি কাম কৰিব লাগিব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক কৰিবলৈ চেষ্টা কৰে ৷ “ এই বক্তব্য ৰাজ্যৰ তথ্য আৰু জনসংযোগ , জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ নগাঁৱত শিক্ষা বিভাগৰ এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই কয় যে আগন্তক তিনিমাহৰ ভিতৰত ৪০ হাজাৰ নিবনুৱাই চৰকাৰী চাকৰি লাভ কৰিব ৷ ইতিমধ্যে ৩০ হাজাৰে চৰকাৰী চাকৰি লাভ কৰিছে ৷ এক লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা চৰকাৰে ঘোষনা কৰিছিল ৷ চৰকাৰ এতিয়া নিয়ুক্তি দিয়াৰ দিশে ধাবমান ৷ “ নিশ্চিত লক্ষ্যৰ দিশে ধাৱমান হৈছো ৷ আমাৰ কৰিব লগা কাম আৰু আছে ৷ আমি কাম কৰিব লাগিব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক কৰিবলৈ চেষ্টা কৰে ৷ “ এই বক্তব্য ৰাজ্যৰ তথ্য আৰু জনসংযোগ , জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ নগাঁৱত শিক্ষা বিভাগৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই কয় যে আগন্তক তিনিমাহৰ ভিতৰত ৪০ হাজাৰ নিবনুৱাই চৰকাৰী চাকৰি লাভ কৰিব ৷ ইতিমধ্যে ৩০ হাজাৰে চৰকাৰী চাকৰি লাভ কৰিছে ৷ এক লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা চৰকাৰে ঘোষনা কৰিছিল ৷ চৰকাৰ এতিয়া নিয়ুক্তি দিয়াৰ দিশে ধাৱমান ৷
লগতে মন্ত্ৰী হাজৰীকাই কয় -বিগত দহবছৰত ৰাজ্যত ২ লাখ ১ হাজাৰ ২৭৪ জনক শিক্ষকৰ পদত নিয়ুক্তি দিয়া হৈছে ৷ এই সময় চোৱাৰ বেছি সময় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী হৈ আছিল ৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ হিতৰ বাবে কাম কৰি আহিছে আৰু আগন্তক দিনটো কাম কৰি যাব ৷
সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা নগাঁও জিলাৰ চাপৰমূখৰ পৰা হোজাইলৈকে বান প্ৰতিৰোধৰ কাম জলসম্পদ বিভাগে আৰম্ভ কৰিব বুলি কয় ৷ অনাগত দিনত বানৰ বাবে যাতে সাধাৰন লোক সমস্যাত পৰিব লগা নহয় তাৰ প্ৰতি চকু ৰাখি প্ৰতিৰোধৰ কাম কৰিব চৰকাৰে ৷
নগাঁৱৰ এ ডি পি কলেজত আনন্দ ৰাম বৰুৱা বঁটা প্ৰদানৰ সভাত বুধবাৰে মুখ্য অতিথি হিচাপে মন্ত্ৰী পীযুষ হাজৰীকাই অংশ গ্ৰহণ কৰে ৷ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীক ষোল্লহাজাৰ টকাকৈ চৰকাৰে আগবঢ়ায় ৷ নগাঁও জিলাত ১৩১৯ গৰাকী কৃৰ্তিমানে এই বঁটা লাভ কৰিছে ৷ বঁটা প্ৰদানৰ সভাত বিধায়ক ৰূপক শৰ্মা , জিতু গোস্বামী , উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহ , প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাই আদি উপস্হিত থাকে ৷