ডিজিটেল সংবাদ দিছপুৰঃ যোৱা ৰবিবাৰে অসম আৰক্ষীয়ে কেইবাজনো প্ৰবঞ্চকক কৰায়ত্ব কৰাৰ পাছত একাংশ সংবাদ মাধ্যমত এই প্ৰবঞ্চক কেইজনে জলসম্পদ বিভাগৰ চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰি অহা বুলি প্ৰকাশ হোৱাত আজি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই অসম বিধানসভা চৌহদত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে | দেওবাৰে সন্ধিয়া অসম আৰক্ষীয়ে গুৱাহাটীৰ হেঙেৰাবাৰীৰ বৰবাৰী অঞ্চলৰ পৰা চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰা কেইবাজনো ব্যক্তিক কৰায়ত্ব কৰিছিল |
এই ব্যক্তিকেইজনে জলসম্পদ বিভাগৰ ২০২০ চনৰ নিযুক্তিৰ বাবে ভুৱা নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ সাজু কৰিছিল বুলি একাংশ বৈদ্যুতিন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাত মন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কৰায়ত্ব কৰা হোৱা ব্যক্তি কেইগৰাকী দালালেই নহয় প্ৰবঞ্চকো | ২০২০ চনত জলসম্পদ বিভাগৰ কোনো ধৰণৰ নিযুক্তিৰ বাবে পৰীক্ষা হোৱা নাছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, এই প্ৰবঞ্চক কেইজনে সম্পূৰ্ণ ভুৱা নিযুক্তি পত্ৰ সাজু কৰিছিল যাৰ দুখন নিযুক্তি পত্ৰ মন্ত্ৰী গৰাকীৰ হাতত পৰিছেহি য’ত দৰমহাৰ নিৰিখ আদি সকলো লিখা হৈছিল |
ধৃত নয়ন শইকীয়া, চিৰাজুল হক, গোবিন্দ চৌধুৰী, প্ৰাঞ্জল বৰ্মন, নুৰ ইচলাম আহমেদ, জয়ন্ত ডেকা আৰু জয়ন্ত দাস নামৰ প্ৰবঞ্চক কেইজনক শীঘ্ৰে কৰায়ত্ব কৰি প্ৰবঞ্চনাৰ গোটেই জালখন ধৰা পেলোৱাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী হাজৰীকাই | মন্ত্ৰী গৰাকীয়ে কয় যে, জলসম্পদ বিভাগৰ চাকৰিৰ নামত কোনো ধৰণৰ দালালি কৰিবলৈ কাকো দিয়া নহ’ব | আনহাতে কালি আৰক্ষীয়ে কৰায়ত্ব কৰা প্ৰবঞ্চক কেইজনৰ প্ৰবঞ্চনাৰ লগত বিভাগীয় কোনোবা যদি জড়িত থাকে তেঁওলোকৰ বিৰুদ্ধেও কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে |
অসমৰ ৰাইজ যাতে এনেদৰে চাকৰিৰ নামত প্ৰবঞ্চনা কৰা প্ৰবঞ্চক আৰু দালাল চক্ৰৰ কবলত কোনোপধ্যেই নপৰে তাৰ বাবেও মন্ত্ৰী পীযুষ হাজৰীকাই সকলোৰে প্ৰতি আহ্বান জনায় | ধৃত প্ৰবঞ্চক কেইজনৰ পৰা উদ্ধাৰ হোৱা নথি পত্ৰত থকাৰ দৰে ২০২০ চনত জলসম্পদ বিভাগৰ কোনো ধৰণৰ নিযুক্তিৰ বাবে পৰীক্ষা হোৱাই নাছিল বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ২০১৭ চনতো যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেয়াও উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে বন্ধ হৈ আছে |
আনহাতে জলসম্পদ বিভাগৰ প্ৰায় ২৭০০ টামান পদৰ অন্তৰ্ভুক্তিৰে শেহতীয়াকৈ হৈ যোৱা ২৬০০০ পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে | বৰ্তমানৰ চৰকাৰখনৰ দিনত সম্পূৰ্ণ মেধাৰ ভিত্তিতহে নিযুক্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সকলো ৰাইজকে দালালৰ কবলত নপৰিবলৈ আহ্বান জনায় |
আনহাতে সাংবাদিকে ভিক্টৰ দাসে নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি হোৱা বুলি অভিযোগ অনাৰ প্ৰসংগত প্ৰশ্ন কৰাত মন্ত্ৰী হাজৰীকাই কয় যে, অভিযোগ কাৰীয়ে পানী ঘোলা কৰি থকাতকৈ দুৰ্নীতিত অভিযুক্ত কাৰোবাৰ নাম জানে যদি কৈ দিলেই চৰকাৰে উপযুক্ত ব্যৱস্থা ল'ব পাৰে | দুৰ্নীতিত অভিযুক্ত কোনো ব্যক্তিৰে নাম নকৈ ভিক্টৰ দাস নামৰ ব্যক্তিজনে সাধাৰণ মানুহক বিভ্ৰান্ত কৰিবলৈহে চেষ্টা কৰিছে বুলিও মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে |