কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয় উদ্বোধন প্ৰধানমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী শৰ্মাক কোকৰাঝাৰবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে
কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয় উদ্বোধন প্ৰধানমন্ত্ৰীৰ
Published on
Updated on

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ ২০১৯ৰ ৬ জানুৱাৰীত কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ আধাৰশীলা স্থাপন হোৱাৰ ৪ বছৰ পিছত শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয় উদ্বোধন কৰে । ৫৩৫ কোটি টকাৰো অধিক ধন ব্যায় সাপেক্ষে নিৰ্মান সম্পূৰ্ণ হোৱা কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়খন আজি ভাৰ্চুৱেলী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰাত কোকৰাঝাৰৱাসীৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰণ হয় ।

উল্লেখ্য যে কোকৰাঝাৰ মেডিকেল কলেজৰ পৰিকল্পনা ২০১১ চনতে কৰা হৈছিল আৰু ২০১২ চনত মেডিকেল কলেজৰ আৰ্হি প্ৰস্তুত কৰা হৈছিল । ২০১৬ চনত সেইসময়ৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অনুৰোধত পৰৱৰ্তী পৰ্যায়ত ২০১৯ চনৰ চনৰ ৬ জানুৱাৰীত কোকৰাঝাৰৰ বেছৰগাঁওত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীক লগত লৈ কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয় ভূমি পুজনেৰে আধাৰশীলা স্থাপন কৰে ।

প্ৰথম পৰ্যায়ত ৩৮২.৬৯ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয় আঢ়ৈ বছৰত নিৰ্মান সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও চাৰিবছৰ তিনিমাহৰ মুৰত ৫৩৫.৮৭ কোটি ব্যায় সাপেক্ষে অৱশেষত নিৰ্মানকাৰ্য সম্পূৰ্ণ হ'ল । ৫৩৫.৮৭ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মান হোৱা কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ সৰ্বমুঠ মাটিকালি ২৪৫ বিঘা ২ কঠা ৫ লেছা ।

৫০০ খন বিছনাযুক্ত কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ত প্ৰতিবছৰে ১০০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অধ্যায়ন কৰিব পাৰিব আৰু অহা ছেপ্টেম্বৰৰ পৰাই শৈক্ষিক বৰ্ষ আৰম্ভ হ'ব। ইপিনে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়খন উদ্বোধনী অনুষ্ঠান বহু বিশিষ্ট ব্যক্তিয়ে বেছৰগাঁওস্থিত কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয় চৌহদত উপস্থিত হৈ প্ৰত্যক্ষ কৰে ।

অনুষ্ঠানৰ অন্তত ৩০ নং কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কোকৰাঝাৰত মেডিকেল কলেজ আৰু চিকিৎসালয় উপহাৰ দিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয় যে ১৯৮৭ চনত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই এবছুৰ সভাপতি হিচাপে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৯২ টা দাবী চনদ উত্থাপন কৰিছিল ।

সেই দাবী পত্ৰৰ ৮ নম্বৰ স্থানত কোকৰাঝাৰত মেডিকেল কলেজ স্থাপন কৰিব লাগে বুলি লিপিবদ্ধ আছিল । ইয়াৰ পিছত বহু বছৰ বাগৰি গ'ল,ৰাজ্যৰ অইন ঠাইত মেডিকেল কলেজ স্থাপন হ'ল ।

কিন্তু কোকৰাঝাৰত নোহোৱাত সেই সময়ত আমি দুখ পাইছিলো বুলি মন্তব্য কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে অৱশেষত সেইসময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত অৱশেষত কোকৰাঝাৰত মেডিকেল কলেজ স্থাপন হ'ল আৰু তাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাক কোকৰাঝাৰবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

উদ্বোধনী অনুষ্ঠানত বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে , জিলা উপায়ুক্ত বৰ্ণালী ডেকা , জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব ডা০ এ এচ শৰ্মা , কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ অধ্যক্ষ , অধ্যাপক আৰু কৰ্মচাৰীসকল , বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল , নাৰ্চ , আশাকৰ্মী , চিকিৎসাকৰ্মী আদিকে ধৰি সহস্ৰাধিক জনতা উপস্থিত থাকে ।

কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয় উদ্বোধন প্ৰধানমন্ত্ৰীৰ
বিভিন্ন খেল-ধেমালিৰে জামুগুৰিহাটত বিহু উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in