টেঙাখাতত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী

টেঙাখাতত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ,টেঙাখাত : চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত শুকুৰবাৰে টেঙাখাতত চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশস্বৰূপে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে।

ডিব্ৰুৰগড় জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭-০০ বজাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। টেঙাখাত নগৰৰ নাতিদূৰৈৰ সৰু-অভয়পুৰীয়া গাঁৱৰ আদৰণি তোৰণৰ সন্মুখৰ ৰাজপথত সংগঠনটোৰ নেতা-কৰ্মী তথা চুতীয়া ৰাইজ সমবেত হৈ হাতে হাতে দাবী সম্বলিত প্লে'কাৰ্ড লৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে কয় যে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ লাগিবই, চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰক, বিজেপি চৰকাৰ হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী গ’বেক, হিমন্ত বিশ্ব শৰ্মা গ’বেক, ন' এচ টি - ন' ৰেষ্ট ইত্যাদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে । সংগঠনটোৰ নেতৃত্বই ভাষ্য প্ৰদান কৰি কয় যে অতি শীঘ্ৰে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিলে ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি চৰকাৰক হুংকাৰ দিয়ে ।

লগতে সংগঠনটোৰ নেতৃত্বই অহা ৩ চেপ্তেম্বৰত জনজাতিকৰণৰ দাবীত দুলীয়াজানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ সম্পৰ্কেও অৱগত কৰে । উক্ত প্ৰতিবাদ কাৰ্যসূচীত জিলা সভাপতি জিতু শইকীয়া, উপ-সভাপতি ত্ৰিদিপ চুতীয়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পৰাগ খনিকৰকে ধৰি কেইবাজনো বিষয়ববীয়াই নেতৃত্ব প্ৰদান কৰে।

টেঙাখাতত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী
নগাঁও জিলা কোচ-ৰাজবংশী সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in