ঘিলামৰাত কেলেংকাৰীঃ যোগ্যৰ বিপৰীতে গাড়ী ,পকী ঘৰ থকা লোকে লাভ কৰিলে চৰকাৰী আৱাস

চৰকাৰী আঁচনিৰ আৱন্টনকলৈ এতিয়া এই খণ্ডটোত ভয়াবহ অনিয়ম বেমেজালিৰ সূত্ৰপাত ঘটাৰ অভিযোগ উঠিছে।

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত কেলেংকাৰীঃ যোগ্যৰ বিপৰীতে গাড়ী ,পকী ঘৰ থকা লোকে লাভ কৰিলে চৰকাৰী আৱাস

ডিজিটেল সংবাদ ,ঢকুৱাখনা: দুৰ্নীতি অনিয়মৰ ভূস্বৰ্গলৈ পৰিণত হৈছে ঘিলামৰা উন্নয়ন খণ্ড। চৰকাৰী আঁচনিৰ আৱন্টনকলৈ এতিয়া এই খণ্ডটোত ভয়াবহ অনিয়ম বেমেজালিৰ সূত্ৰপাত ঘটাৰ অভিযোগ উঠিছে।

শেহতীয়াভাৱে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত সোনাৰী চাপৰি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)আঁচনিৰ নামত পৰ্বতসম দুৰ্নীতিয়ে গা কৰি উঠিছে । পঞ্চায়তখনৰ সভাপতি মঞ্জিত সোণোৱাল আৰু সচিব দীপক কমানৰ কৰাল গ্ৰাসত নিমৰ্জিত হৈ চৰকাৰী উন্নয়নমূলক আঁচনিৰ নামত ঘন্য বেহা চলাৰ অভিযোগ উত্থাপিত হৈছে ।

প্ৰধানকৈ চৰকাৰী আঁচনিৰ আৱন্টনৰ নামত স্বজন তোষনৰ নিকৃষ্ট ৰাজনীতি চলাই ৰখা এই দুই দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে শেহতীয়াভাৱে দুগৰাকী ভুক্তভোগী মহিলাই গোচৰ ৰুজু কৰিছে। যোগ্যজনক বঞ্চিত কৰি অযোগ্যক আঁচনি প্ৰদান কৰি অব্যাহত ৰখা নীতি বৰ্হিভূত কাৰ্যৰ বিৰুদ্ধে সভাপতি সোণোৱাল আৰু সচিব কমানৰ বিৰুদ্ধে মঙলবাৰে সোনাৰী চাপৰি আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে প্ৰবঞ্চিত দুই মহিলাই ।

পঞ্চায়তখনৰ দৰিদ্ৰ মহিলা মনালিছা বৰুৱা আৰু নিবেদিতা বুঢ়াগোহাঁইয়ে সভাপতি আৰু সচিবৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে। দৰিদ্ৰ যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰি আঁচনি দিয়াৰ নামত কমিচন সংগ্ৰহ কৰি ধনৱন্তক দুখীয়া ৰাইজৰ ঘৰ আৱন্টন দিয়া , চৰকাৰী আঁচনি প্ৰদানৰ নামত উৎকোচ সংগ্ৰহ কৰা বুলি এজাহাৰত উল্লেখ কৰি ইয়াৰ প্ৰামানিক তথ্য মজুত আছে বুলি উল্লেখ কৰিছে। লগতে তেওঁলোকৰ বিপৰীতে আবন্টিত দুটা পি এম এ ৱাই ঘৰ কৌশল কৰি কৰ্তন কৰি গাড়ী ,পকী ঘৰ থকা পৰিয়ালক কমিছনৰ বিনিময়ত প্ৰদান কৰা বুলি আৰক্ষীক লিখিত ৰূপত জনাইছে ।

এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ পঞ্জীয়নৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা বুলি জনা গৈছে। বিভাগীয় নীতি নিৰ্দেশনা পদপিষ্ট কৰি সীমাহীন দৌৰাত্ম্য চলাই দৰিদ্ৰ পৰিয়ালৰ প্ৰতি অবিচাৰ কৰি অহা দুৰ্নীতি পৰায়ন সভাপতি আৰু সচিবক আইন সংগত শাস্তি বিহাৰ দাবী জনাইছে। উল্লেখ্য যে গেৰুৱা দলৰ পঞ্চায়ত সভাপতি হোৱাৰ বাবেই খণ্ড উন্নয়ন বিষয়া গিতাশ্ৰী ডেকা আৰু প্ৰশাসনে কঠোৰ বিধিগত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অতি পুৰণি ।

কাৰণ পঞ্চায়তখনত এই দুই দায়িত্বশীল ব্যক্তিয়ে এজন দালালৰ জৰিয়তে কমিচন সংগ্ৰহ কৰি আঁচনি প্ৰদান কৰাৰ তথ্য সমৃদ্ধ বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত যোৱা ৩ জুলাইত প্ৰকাশ হৈছিল । কিন্তু এই সন্দৰ্ভত বিভাগ আৰু প্ৰশাসনক ভুক্তভোগী ৰাইজে দিয়া অভিযোগৰ নাম মাত্ৰ তদন্তও নহ'ল । অভিযুক্তই শাস্তি নাপালে । বৰঞ্চ বীৰদৰ্পে মুকলি ভাবেই ঘূৰি ফুৰিছে এনেবোৰ অৰ্থলোভী ।

এই সন্দৰ্ভত উপায়ন্তৰ ভুক্তভোগীয়ে পুনৰ থানাত গোচৰ দিয়াৰ পাছত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

Also Read: কামপুৰত ড্ৰাগছসহ দুজন লোকক আটক

assam govt