ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বঙাগাঁৱ আৰক্ষীয়ে জিলাবাসীৰ লগতে আক্ৰাছুলৈ এক আহ্বান জনাইছে । সংগঠনটোলৈ উদ্ধেশ্যি কয় জুবিন গাৰ্গৰ সংগীতানুষ্ঠান সুকলমে অনুষ্ঠিত কৰিবলৈ দিয়ক । ব’হাগ বিহু উপলক্ষ্যে দুটাকৈ সংগীতনুষ্ঠানত গীত পৰিৱেশন কৰিব হাৰ্টথ্ৰব জুবিন গাৰ্গে । কেন্দ্ৰীয় ৰঙালী বিহু গান্ধী মৈদানত, বৰচন গাঁওৰ অনুষ্ঠানত পৰিৱেশন কৰিব অনুষ্ঠান ।
উল্লেখ্য যে জুৱিন গাৰ্গক ইতিমধ্যেই আক্ৰাছুৱে নিষিদ্ধ ঘোষণা কৰি ৰাখিছে । পূৰ্বেই শিল্পীগৰাকীয়ে জিলাখনৰ এক সংগীতানুষ্ঠানত ভাগ ল’বলৈে গৈ কমতাপুৰৰ ৰাজ্য গঠনৰ দাবী উত্থাপন হোৱাৰ পিছতেই ইয়াৰ বিৰোধীতা কৰি এক মন্তব্য প্ৰদান কৰিছিল । এই মন্তব্যৰ পিছতেই সংগঠনটোৱে বঙাগাঁৱত নিষিদ্ধ ঘোষণা কৰিছিল জুবিনক ।
দুটাকৈ অনুষ্ঠানত চুক্তিবদ্ধ হৈ থকা জুবিন গাৰ্গৰ সংগীতানুৃষ্ঠানৰ ক্ষেত্ৰত সষ্টম হৈছে বঙাইগাঁৱ আৰক্ষী । যাতে শিল্পীগৰাকী সংগীতানুষ্ঠানত কতোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় । তদুপৰি নিষিদ্ধ ঘোষিত কৰি ৰখা সংগঠনটোকো আহ্বান জনাইছে যাতে তেওঁলোকে সেয়া প্ৰত্যাহাৰ কৰে ।
Also Read: পুৰণিকলীয়া পৰম্পৰা ৰক্ষা কৰি চৰাইদেউ ঘৰে ঘৰে কড়ি খেল