পুনৰ আৰক্ষীৰ এনকাউন্টাৰ : আহত চোৰাং গৰু সৰবৰাহকাৰী

পুনৰ আৰক্ষীৰ এনকাউন্টাৰ : আহত চোৰাং গৰু সৰবৰাহকাৰী
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ তামাৰহাটত গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলী নিক্ষেপ কৰিলে আৰক্ষীয়ে। এই গুলীচালনাত গুলীবিদ্ধ হয় এজন চোৰাং গৰু সৰবৰাহকাৰী।

আনহাতে গ্রেপ্তাৰ কৰা হয় আন দুজন গৰু সৰবৰাহকাৰীক। জানিব পৰা মতে, তামাৰহাটত আৰক্ষীৰ বাধা নেওচি পলাবলৈ চেষ্টা কৰে চোৰাং সৰবৰাহকাৰীকেইজনে। ফলত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।

এই অভিযানত সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰে এখন ৱেগ’নাৰ আৰু এখন বলেৰ’ পিক আপ বাহন। বলেৰ’ পিক আপ বাহনখনৰ পৰা ৮টাকৈ গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে।

পুনৰ আৰক্ষীৰ এনকাউন্টাৰ : আহত চোৰাং গৰু সৰবৰাহকাৰী
গৌৰীপুৰত অঘটন : দ খাৱৈত পৰিল গাখীৰ কঢ়িওৱা বাহন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in