নামৰূপত যান-বাহন তালাচীৰ নামত আৰক্ষীৰ দুৰ্ব্যৱহাৰ

নামৰূপত যান-বাহন তালাচীৰ নামত আৰক্ষীৰ দুৰ্ব্যৱহাৰ

author-image
Asomiya Pratidin
New Update
নামৰূপত যান-বাহন তালাচীৰ নামত আৰক্ষীৰ দুৰ্ব্যৱহাৰ

ডিজিটেল সংবাদ, নামৰূপ : শেহতীয়াকৈ অসম আৰক্ষীৰ কিছু কৰ্মকাণ্ডৰ বাবে আৰক্ষীৰ ওপৰত আস্থা নোহোৱা হৈছে। এই অভিযোগ নামৰূপৰ একাংশ ৰাইজৰ।

জানিব পৰা মতে কিছুদিনৰ পৰা নামৰূপত নিয়মীয়া তালাচীৰ নামত ৰাইজে ভুগিছে যাতনা। বৃহস্পতিবাৰে সন্ধিয়া নামৰূপ সোনাৰী তিনিআলিত নামৰূপ আৰক্ষীয়ে তালাচী চলোৱাৰ সময়ত একাংশ বাহন চালক-আৰোহীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

পৰিপেক্ষিত উক্ত নিশা প্ৰায় ৮.৩০ বজাত নামৰূপ আঞ্চলিক টাই-আহোম ছাত্ৰ সন্থাৰ লগতে টাই-আহোম যুৱ পৰিষদ নামৰূপ আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰূপ আঞ্চলিক আৰু নামৰূপৰ বিভিন্ন দল সংগঠনৰ বিষয়-ববীয়াই থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সিদ্ধেশ্বৰ বড়োৰ লগত এই সন্দৰ্ভত   আলোচনাত মিলিত হয় । লগতে শেহতীয়াকৈ নিযুক্তি  লাভ কৰি নামৰূপ থানাত যোগদান কৰা উপ-পৰিদৰ্শক কণমানি মালীৰ ৰুক্ষ ব্যৱহাৰ সন্দৰ্ভতো অভিযোগ উত্থাপন কৰে।

উক্ত সময়তে কণমণি মালী  থানাত উপস্থিত হোৱাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে   ৰাইজে তেওঁৰ বিৰুদ্ধে দিয়া অভিযোগকৰ কথা অৱগত কৰে। ইয়াৰ পিচতে কণমণি মালী ক্ষোভিত হৈ পৰি উগ্ৰ মূৰ্তি ধাৰণ কৰে বুলি জানিবলৈ দিয়ে। 

মালীয়ে খঙত ৰুদ্ৰৰূপ ধাৰণ কৰি নিজৰ মোবাইলটো থেকেচি ভঙাতে ক্ষান্ত নাথাকি থানাৰ ভিতৰত থকা অভ্যাৰ্থনা কক্ষৰ আইনা,মেজ আদি গুড়িয়াই ভাঙে। এই সন্দৰ্ভত শুকুৰবাৰে সদৌ অসম টাই-আহোম ছাত্ৰ সন্থা নামৰূপ আঞ্চলিক সমিতিয়ে এক প্ৰেছ বিবৃত্তি প্ৰকাশ কৰে।

বিবৃত্তিত উল্লেখ কৰে যে, যি গৰাকী কনিষ্ঠ বিষয়াই নিজৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক কেৰেপ নকৰি এনে চৰম পৰ্যায়লৈ যাব পাৰে। তেনে এগৰাকী বিষয়াৰ সমুখত জনসাধাৰণ কেতিয়াও সুৰক্ষিত নহয়।

এনে মানসিক বিকৃতি সম্পন্ন বিষয়াই  যি কোনো মুহূৰ্ত্ততে জনসাধাৰণৰ মাজত চৰম পৰ্যায়লৈ গৈ দুৰ্ঘটনা সংঘটিত কৰাটো নিশ্চিত বুলি বিবৃতিত উল্লেখ কৰে। লগতে উল্লেখ কৰে যে যি সময়ত অসম চৰকাৰে আৰক্ষী আৰু জনসাধাৰণৰ মাজত গণ সম্পর্ক গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে ঠিক সেই সময়তে নতুনকৈ নিযুক্ত হোৱা উপ-পৰিদৰ্শক কণমণি মালীয়ে থানাৰ ভিতৰতে এনে  নিকৃষ্ট কাণ্ড কৰাটো অত্যন্ত চিন্তনীয়। 

উপ-পৰিদৰ্শকগৰাকীৰ এনে কাণ্ড প্ৰত্যক্ষ কৰাৰ পিচত সংগঠনৰ বিষয়-ববীয়াসকল যেনে-তেনে প্ৰাণ বচাই ওলাই আহিবলৈ সক্ষম হয় বুলি বিবৃত্তিটোত উল্লেখ কৰে। এই সকলো কাণ্ড  থানাৰ ভিতৰত থকা চি চি টি ভি  ফুটেজত জল-জল পট-পটকৈ ৰেক'ৰ্ড হৈছে বুলিও বিবৃত্তিত উল্লেখ কৰে।

সেয়ে এই প্ৰেছ বিবৃতিৰ দ্বাৰা মুখ্যমন্ত্ৰী, আৰক্ষী প্রধান জি পি সিং, ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক আৰু নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈক  এই সন্দৰ্ভত অৱগত কৰে। আনহাতে নতুনকৈ আৰক্ষী চাকৰি লাভ কৰা যুৱক যুৱতীসকলক  বাধ্যতামূলকভাবে কাউনচেলিং কৰাৰো আহ্বান জনায়। কাৰণ একাংশ অসম আৰক্ষীৰ  এনে উশৃংখল আচৰণৰ বাবে আৰক্ষীৰ ওপৰত সাধাৰণ জনতাৰ আস্থা হেৰাই যাব বুলি উল্লেখ কৰে।

Also Read: মঙলদৈত মৃতদেহ উদ্ধাৰ

Assam police Namrup police