বিশ্বনাথৰ দুখনকৈ হোটেলত আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ অভিযান

বিশ্বনাথ চাৰিআলিৰ ৰয়েল পেলেচ আৰু ৰয়েল আবাসত আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে আজি অভিযান চলাইছে। জিলা অতিৰিক্ত আয়ুক্তৰ নেতৃত্বত চলা এই অভিযানত এই পৰ্যন্ত কোনো লোকক আটক কৰাৰ খবৰ পোৱা নাই যদিও অভিযোগ গুৰুতৰ। 

author-image
Asomiya Pratidin
New Update
বিশ্বনাথ চাৰিআলিৰ হো

ডিজিটেল ডেস্কঃ বিশ্বনাথ চাৰিআলিৰ ৰয়েল পেলেচ আৰু ৰয়েল আবাসত আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে আজি অভিযান চলাইছে। জিলা অতিৰিক্ত আয়ুক্তৰ নেতৃত্বত চলা এই অভিযানত এই পৰ্যন্ত কোনো লোকক আটক কৰাৰ খবৰ পোৱা নাই যদিও অভিযোগ গুৰুতৰ। 

প্ৰাপ্ত খবৰ অনুসৰি বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ ৰয়েল পেলেচ আৰু ৰয়েল আৱাস নামৰ এই হোটেল দুখনত একাংশ কংগ্ৰেছ নেতা, কৰ্মীয়ে বাহৰ পাতি ধনৰ লেনদেন কৰাৰ সন্দেহতে এই অভিযান চলিছে। অৱশ্যে অভিযানৰ সময়ত কোনো লোকক আটক কৰা হৈছে নেকি অথবা ধনৰ লেনদেনৰ প্ৰমাণ লাভ কৰিছে নেকি সেই বিষয়ে কোনা কথাই জানিব পৰা হোৱা নাই। 

উল্লেখ্য, কালিলৈ বিহালীৰ লগতে অসমৰ আন চাৰিটা বিধানসভা সমষ্টিত আছে উপ-নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ প্ৰচাৰ পৰ্ব সোমবাৰেই অন্ত পৰিছে। 

বিশ্বনাথ বিহালী বিহালী উপ নিৰ্বাচন