ডিজিটেল সংবাদ, লামডিংঃ এফালে যদি গৰমে দহিছে আনফালে জীৰাজীৰ্ণ পথে জ্বলাকলা খোৱাইছে লামডিং খাঙাৰ গাঁওৰ ৰাইজক ৷ লামডিঙত এজাক বৰষুণৰ ফলত লামডিং খাঙাৰগাঁৱৰ অঞ্চলৰ পথছোৱা পুখুৰী সদৃশ হৈ পৰা পৰিলক্ষিত হৈছে ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি বহুত বছৰৰ পৰা এই ৰাস্তা মেৰামতি কৰা হোৱা নাই ৷ যাৰ ফলত অলপ বৰষুণ হ'লেই পথটো অচল হৈ পৰে ৷ যাৰ ফলত যাতায়াতৰ বাবে সেই অঞ্চলৰ ৰাইজে জ্বলা-কলা খোৱা পৰিলক্ষিত হৈছে। খাঙাৰগাওঁ ৩ নং ৱাৰ্ডৰ এই পথেৰে বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চিকিৎসালয়লৈ দৈনিক শ শ লোক অহা যোৱা কৰে ৷
চিকিৎসালয়ত ৰোগী অহা যোৱা কৰাৰ বাবে বহুত অসুবিধাৰ দেখা দিছে ৷ সন্ধিয়া এন্ধাৰ হোৱা পিছতেই সেই অঞ্চলটোৰে গাড়ী চলাচল কৰাত বহুত অসুবিধা সন্মুখীন হৈছে পথচাৰী তথা যাত্ৰীসকল ৷ এনে এক গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ অৱস্থাই উদঙাই দিছে ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ।
Also Read: এসপ্তাহে বিদ্যালয়ত যোগান দিয়া নাই চাউল, হঠাৎ দুই ৰান্ধনীক অব্যাহতি...