ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত অৱস্থিত নিকাচিৰ ওচৰৰ দ্বৰাগাঁও এতিয়া ৰাজ্যখনৰ ভিতৰতে জনপ্ৰিয় পৰ্যটনস্থলী ৷ ভূটান পাহাৰৰ সেউজ পৰিৱেশ আৰু নদীৰ পানীয়ে হাতবাউল দি মাতে পৰ্যটকক ৷ দৈনিক আগমন ঘটে শ শ পৰ্যটকৰ ৷
কিন্তু পৰ্যটকৰ গইনা লৈ দ্বাৰাগাঁওত গঢ়ি উঠিছে অবৈধ সুৰাৰ ব্যৱসায় ৷ পৰ্যটনস্থলী দ্বাৰাগাঁওত থকা দোকানসমূহত মুকলিকৈ বিক্ৰী হৈ আহিছে অবৈধ সুৰা ৷ ইয়াৰ উপৰিও পৰ্যটকসকলে মুকলিকৈ কৰি আহিছে সুৰাপান ৷ যেন সুৰাপানৰ এখন অঘোষিত প্ৰতিযোগিতাহে ৷
যিয়ে যেনেকৈ পাইছে তেনেকৈয়ে সুৰাপান কৰি বিনষ্ট কৰি আহিছে পৰিৱেশ ৷ আনকি একাংশই নদীৰ পানীৰ মাজতে সুৰাপান কৰি বটল সমূহো নদীৰ পানীতে পেলাই দিছে ৷ আনহাতে সুৰাপান কৰি ঘৰলৈ ওভোতাৰ পথত সম্মুখীন হৈছে দুৰ্ঘটনাৰ ৷ বিগত সময়চোৱাত কেবাটাও দুৰ্ঘটনা সংঘটিত হৈ আহত হৈছে কেবাজনো ৷
এক নিয়ন্ত্ৰণহীন পৰিৱেশে এতিয়া দ্বাৰাগাঁওবাসীক বিৰক্ত কৰি তুলিছে ৷ বাইক ৰাইডাৰৰ খুন্দাত কোন কেতিয়া ঘুনীয়া হয় কোনো ঠিক নাই ৷ স্থানীয় ৰাইজে সেয়ে অতিশীঘ্ৰে প্ৰশাসনক ব্যৱস্থা ল'বলৈ দাবী জনাইছে ৷
Also Read: ভাল খবৰঃ সুখ্যাতিৰে উত্তীৰ্ণ দৰিদ্ৰ ছাত্ৰই পালে আৰ্থিক সাহাৰ্য্য...