দিছপুৰ, দিল্লীক কামৰূপৰ নৃপতি পৃথুক উচিত সন্মান প্ৰদানৰ দাবী পি পি এফ এৰ

পূৰ্ণ অবয়ৱৰ প্ৰতিমূৰ্তি নিৰ্মাণৰো দাবী
দিছপুৰ, দিল্লীক কামৰূপৰ নৃপতি পৃথুক উচিত সন্মান প্ৰদানৰ দাবী পি পি এফ এৰ
দিছপুৰ, দিল্লীক কামৰূপৰ নৃপতি পৃথুক উচিত সন্মান প্ৰদানৰ দাবী পি পি এফ এৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয় পুন নিৰ্মাণেৰে ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ ঐতিহ্যক পুনৰ এবাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ সময়তে দাবী উত্থাপন হৈছে মহাৰাজ পৃথুক উচিত সন্মান প্ৰদান কৰাৰ।

উল্লেখ্য যে, শেহতীয়াকৈ নালন্দা বিশ্ববিদ্যালয়খনক সংবৰ্ধনৰ বাবে নতুনকৈ নিৰ্মাণ কৰা চৌহদো শিক্ষাৰ্থীৰ বাবে মুকলি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এনে সময়তে এতিয়া দাবী উত্থাপন হৈছে কামৰূপৰ প্ৰাচীন ৰজা পৃথুকু প্ৰকৃত সন্মান প্ৰদান কৰাৰ। কুখ্যাত তুৰ্কী-আফগান আক্ৰমণকাৰী বখতিয়াৰ খিলজীক পৰাভূত কৰিবলৈ সক্ষম হোৱা কামৰূপৰ নৃপতি পৃথুক সন্মান প্ৰদৰ্শন কৰি গুৱাহাটীৰ মাজমজিয়াত তেওঁৰ এটা পূৰ্ণ অবয়ৱৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ দাবী উত্থাপন কৰিছে পেট্ৰিয়টিক পিপলছ ফ্ৰণ্টে।

এক বিবৃতিৰ জৰিয়তে সংগঠনটোৱে দিছপুৰ আৰু নতুন দিল্লীৰ দুয়োখন চৰকাৰকে নতুন প্ৰজন্মৰ মাজত পৃথুৰ সাহসিকতা, দেশপ্ৰেমক তুলি ধৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে। বিবৃতিত সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাচনী শিক্ষাক নতুনকৈ তুলি ধৰাত আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় নিৰ্মাণৰ উদ্যোগৰ বাবে জনসাধাৰণৰ পৰা প্ৰশংসা লাভ কৰা বুলি উল্লেখ কৰিছে।

লগতে আক্ৰমণকাৰী খিলজীৰ বৰ্বৰতাৰ কথা উল্লেখ কৰি কয় যে, খিলজীয়ে দ্বাদশ শতিকাত কেৱল নালন্দা ধ্বংস কৰি তাৰ পুথিভঁৰালেই জ্বলাই দিয়া নাছিল, গণহত্যাতো জড়িত আছিল। হাজাৰ হাজাৰ বৌদ্ধ ভিক্ষু আৰু পণ্ডিতকো হত্যা কৰিছিল।

উল্লেখ্য যে, শেহতীয়াকৈ ১৯ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভূটান, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, লাওছ, মৰিচাছ, চীন, ভিয়েটনাম, ব্ৰুনেই দাৰুছালাম, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইণ্ডোনেছিয়া, নিউজিলেণ্ড, পৰ্তুগাল, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আদিৰ কূটনীতিবিদসকলৰ উপস্থিতিত বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ ৪৫৫ একৰ ভূমিত এটা চৌহদ উদ্বোধন কৰে। ইয়াৰ পিছতে এতিয়া পি পি এফ এয়ে নালন্দা ধ্বংস কৰা খিলজীক পৰাভূত কৰি বীৰত্বৰ পৰিচয় দিয়া কামৰূপৰ ৰজা পৃথুকো উচিত সন্মান দিয়াৰ দাবী তুলিছে।

দ্বাদশ শতিকাত খিলজীয়ে ভাৰতৰ এক বৃহৎ অংশ ধ্বংস কৰি কামৰূপৰ দিশে আগুৱাই আহিছিল। বিহাৰ, বংগ দখলৰ পিছত খিলজীৰ পৰৱৰ্তী লক্ষ্য আছিল কামৰূপ আৰু তিব্বত। ওদান্তপুৰী, নালন্দা, বিক্ৰমশীলা ধ্বংশৰে ধৰ্মান্ধ আক্ৰমণকাৰী পৃথুক কামৰূপৰ খেন বংশৰ অন্তিমজন ৰজা পৃথুৱে বাধা দিবলৈ সক্ষম হৈছিল। পৰাজয়ণ গাৰহত পৰি বৰ্বৰ আক্ৰমণকাৰী খিলজী পিছুৱাই যাবলৈ বাধ্য হৈছিল। কামৰূপৰ জনজাতীয় সৈন্যৰ হাতত পৰাস্ত হৈ পিছুৱাই যাবলৈ বাধ্য হোৱা খিলজীক হতাশাত ডুবি থকাৰ সময়তে পৰৱৰ্তী সময়ত তেওঁৰেই এজন বিশ্বস্ত সেনাপতিয়ে হত্যা কৰে। পৃথুৱে বৰ্বৰ খিলজীক এনেদৰে বাধা প্ৰদান কৰি সাহসীকতাৰ পৰিচয় দিছিলি। সেয়ে তেওঁক সন্মান জনোৱা উচিত বুলি দাবী কৰিছে সংগঠনটোৱে।

তেওঁলোকে বিবৃতিত কয়, "মহাৰাজা পৃথুক সন্মান জনোৱা উচিত, কিয়নো তেওঁ কামৰূপৰ হিন্দু সংস্কৃতিৰ উত্তৰাধিকাৰীক সুৰক্ষা দিবলৈ পাঠান আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছিল। য'ত সংস্কৃত ভাষাক ৰাজ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল  আৰু ভাৰতৰ এই অংশত প্ৰাৰম্ভিক বিদেশী আক্ৰমণ প্ৰতিহত কৰিছিল। কামৰূপ শাসকে মুছলমান বাহিনীক অতিক্ৰম কৰিবলৈ বড়ো, কোচ-ৰাজবংশী, কেওট আদিৰ দৰে বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ পৰা কৌশলগত সমৰ্থন অৰ্জন কৰিছিল।"

পিপিএফএৰ এই বিবৃতিত লগতে কোৱা হৈছে যে তথাকথিত ভাৰতীয় বুৰঞ্জীবিদসকলে পৃথুৰ বীৰত্ব আৰু জাতীয়তাবাদক ধূৰ্ততাৰে উপেক্ষা কৰি আহিছে। সেয়ে তেওঁক উপযুক্ত সন্মান প্ৰদান কৰিব লাগে।

দিছপুৰ, দিল্লীক কামৰূপৰ নৃপতি পৃথুক উচিত সন্মান প্ৰদানৰ দাবী পি পি এফ এৰ
দুধনৈ কাণ্ডক লৈ ওদালগুৰি, কাজলগাঁৱত এবছুৰ প্ৰতিবাদঃ দোষীক নজিৰবিহীন শাস্তিৰ দাবী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in