ডিজিটেল সংবাদ, চিৰাং : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিনৰ লগত সঙ্গতি ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে আজি চিৰাং জিলাৰ চিদলী আৰু বড়োবাজাৰ উন্নয়ন খণ্ড এলেকাত মুখ্যমন্ত্ৰী সমগ্ৰ উন্নয়ন যোজনা অধীনত মুঠ ৭৬ খন 'অমৃত সৰোবৰ' আচঁনিৰ ভিতৰত ৫৪ টা আচঁনিৰ কাম অনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হয় ।তাৰে আজি চিৰাং জিলাৰ 'অমৃত সৰোবৰ' আচঁনিৰ শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ।
জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভা, সহকাৰী আয়ুক্ত ৰাখিশ্ৰী লেখাৰুৰ উপস্থিতিত ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে বড়োবাজাৰ উন্নয়ন খণ্ডৰ ৰৌমাৰী ভিচিডিচিৰ ৰৌমাৰী গাঁৱত ১২ বিঘা মাটিত মুঠ ২৬ লাখ ৫০ হেজাৰ টকা ব্যয় সাপেক্ষে অমৃত সৰবোৰ আচঁনি আৰু চিদলী-চিৰাং উন্নয়ন খণ্ডৰ ৰঞ্চাইধাম ভিচিডিচিৰ ২ নং আমগুৰীত ১৩ লাখ টকা ব্যয় সাপেক্ষে দুটাকৈ অমৃত সৰোবৰ আচঁনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে । তদুপৰি প্ৰধানমন্ত্ৰী জিলাখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰি উলিওৱা ৯৮০ টা আৱাস গৃহ আজি আনুষ্ঠানিক ভাবে হিতাধিকাৰীৰ মাজত অৰ্পণ কৰা হব বুলি সাংসদ গৰাকীয়ে সদৰি কৰে ।