পাঁচ শতাধিক শিক্ষানুষ্ঠানত একেদিনাই মুক্ত পুথিভঁৰাল "প্ৰজ্ঞান" উন্মোচন

পাঁচ শতাধিক শিক্ষানুষ্ঠানত একেদিনাই মুক্ত পুথিভঁৰাল "প্ৰজ্ঞান" উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ,ছয়দুৱাৰ:- পুথিভঁৰাল হৈছে জ্ঞান পিপাসু ব্যক্তি আৰু শিক্ষাৰ্থীৰ জ্ঞান তৃষ্ণা নিবাৰণৰ এক পবিত্ৰ মন্দিৰ।সেইবাবে ইয়াক সাৰ্বজনীন পাঠশালা বুলিও অভিহিত কৰা হয়।বিশেষকৈ নৈতিক শিক্ষা আৰু জ্ঞান বিস্তাৰত পুথিভঁৰালৰ বৰঙণি অতুলনীয়।

শিক্ষানুষ্ঠানৰ সৈতেও সংপৃক্ত হৈ থকা পুথিভঁৰাল প্ৰতিখন শিক্ষানুষ্ঠানৰ বাবে অবিচ্ছেদ্য অংগ। কিন্তু প্ৰায়বোৰ শিক্ষানুষ্ঠানত পুথিভঁৰাল সমূহ অনাদৃত অনুষ্ঠানলৈ পৰ্য্যবসিত হৈছে। গহপুৰ মহকুমাত পুথিভঁৰালক সাৰ্বজনীন কৰি তুলিবলৈ এক মহৎ প্ৰচেষ্টা চলোৱা বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাই মহকুমাটোৰ পাঁচ শতাধিক চৰকাৰী শিক্ষানুষ্ঠানত পাঁচ শতাধিক মুক্ত পুথিভঁৰাল উন্মোচন কৰি আজিৰ শিক্ষক দিৱসৰ পবিত্ৰ দিনটো গহপুৰৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজৰ বাবে ঐতিহাসিক কৰি তোলে।

"প্ৰজ্ঞান" নামেৰে উন্মোচন কৰা এই পাঁচ শতাধিক মুক্ত পুথিভঁৰালৰ ভিতৰত ৪৬০ টা মুক্ত পুথিভঁৰাল প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত আজি একেলগে উন্মোচন কৰা হয়। উল্লেখযোগ্য যে-গহপুৰ মহকুমাৰ প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠানত মুক্ত পুথিভঁৰালৰ প্ৰাসংগিকতা সাৰ্বজনীন কৰি তুলিবলৈ গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাই এক প্ৰচেষ্টা গ্ৰহণ কৰি নিৰ্বাচনী বিষয়া পুজা পুনম গগৈ,সহকাৰী আয়ুক্ত চয়নিকা হাজৰিকা, মাধুৰ্য্য পৰাশৰ, গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মনিষ ভড়ালী, গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া নমিতা বৰা আৰু পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাণাদ্বীপ চুতীয়াৰ লগতে শিক্ষা বিষয়া, বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক আৰু চি আৰ চি চি সকলৰ লগত আলোচনা কৰি এক ইতিবাচক পৰ্য্যায়ত উপনীত হোৱাৰ পিছত মহকুমাধিপতিৰ প্ৰশংসনীয় পদক্ষেপে আজি বাস্তৱ ৰূপ পায়। মঙলবাৰে পুৱা প্ৰায় ১০ বজাত ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ককিলাগুৰী প্ৰাথমিক বিদ্যালয়ত মহকুমাধিপতি লুকুমণি বৰাই এই "প্ৰজ্ঞান" মুক্ত পুথিভঁৰাল উন্মোচন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত আন আন বিদ্যালয় সমূহত মুক্ত পুথিভঁৰাল সমূহ উন্মোচন হয়।

পুথিভঁৰাল উন্মোচন কৰি মহকুমাধিপতি লুকুমণি বৰাই কয় যে পুথিভঁৰাল হৈছে জ্ঞানৰ মন্দিৰ।পুথিভঁৰালৰ পৰা কিতাপ আনি কিতাপখন নষ্ট নকৰাকৈ পঢ়ি নিৰ্দিষ্ট সময়ত ঘূৰাই দিব লাগে। এখন কিতাপ হেজাৰ লোকতকৈ মূল্যবান বুলি উল্লেখ কৰি লুকুমণি বৰাই কয় যে এই পুথিভঁৰাল সমূহে ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ অন্বেষণ কৰাত যথেষ্ট সহায় কৰিব। তদুপৰি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কিতাপ পঢ়াৰ ধাউতি যথেষ্ট বৃদ্ধি কৰি তুলিব বুলিও উল্লেখ কৰে লুকুমণি বৰাই।

এই শিক্ষা মূলক কাৰ্য্যসূচী সমূহত অভিভাৱক সকলৰো সহযোগিতা আশা কৰে তেওঁ।ছাত্র-ছাত্ৰী সকলৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাৰ নেতৃত্বত গহপুৰ মহকুমা প্ৰশাসনে গ্ৰহণ কৰা এই মহান পদক্ষেপক আন্তৰিকতাৰে শলাগ লৈছে গহপুৰৰ বৌদ্ধিক আৰু শৈক্ষিক সমাজে।উল্লেখযোগ্য যে লুকুমণি বৰাই হেলেম ৰাজহ চক্ৰৰ কাৰ্য্যলয় আৰু গহপুৰ মহকুমাৰ মহকুমাধিপতি কাৰ্য্যলয়ত ইতিমধ্যে মুক্ত পুথিভঁৰাল স্থাপন কৰি জ্ঞান পিপাসু ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

পাঁচ শতাধিক শিক্ষানুষ্ঠানত একেদিনাই মুক্ত পুথিভঁৰাল "প্ৰজ্ঞান" উন্মোচন
বালিপৰাত গণিত-বিজ্ঞান মেলা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in