ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰত ড° ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। ড° ভূপেন হাজৰিকা স্মাৰক সমিতিৰ উদ্যোগত আৰু বিটিচি প্ৰশাসনৰ পৃষ্ঠপোষকতাত জিলা আয়ুক্তৰ বাসভৱনৰ সমীপত নিৰ্মান হোৱা ড° ভূপেন হাজৰিকাৰ ১০ ফুট ৬ ইঞ্চি উচ্চতাৰ প্ৰতিমূৰ্তিটো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে স্মাৰক সমিতিৰ উদ্যোগক প্ৰশংসা কৰি এয়া এক নতুন যুগৰ আৰম্ভণি হোৱা বুলি সদৰি কৰে ।
তেওঁ কয় যে কোকৰাঝাৰৰ মাজমজিয়াত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপন হোৱাটো সমন্বয় আৰু মানৱতাৰ প্ৰতীক। বড়োলেণ্ড অঞ্চল যে সকলো জাতি-জনগোষ্ঠীৰ মিলনভূমি তথা সমন্বয়ৰ ক্ষেত্ৰ সেয়া দাঙি ধৰিছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে দীঘলীয়া সময়ছোৱাত এই অঞ্চলত মানসিক দ্বন্দ, ভুল বুজাবুজিৰ সৃষ্টি হৈছিল। এতিয়া এই সকলোবোৰ অন্ত পৰিল আৰু ড° ভূপেন হাজৰিকাই দেখুৱাই যোৱা সমন্বয় -সম্প্ৰীতিৰ পথেৰে বড়োলেণ্ড আগবাঢ়ি সমন্বয়থলীত পৰিণত হৈছে।
উল্লেখ্য যে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া, বিধায়ক লৰেঞ্চ ইছলাৰীৰ উপস্থিতিত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ড° ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছতেই এক মুকলি সভা অনুষ্ঠিত হয়।
বড়ো ভাষাত "মানুহে মানুহৰ বাবে …" গীতটি পৰিৱেশনৰ পিছতেই আৰম্ভ হোৱা মুকলি সভাত অতিথিসকলক অভ্যৰ্থনা সমিতিয়ে উষ্ম আদৰণি জনায়। মুকলি সভাৰ মুখ্য অতিথিৰ ভাষণত প্ৰমোদ বড়োৱে কয় যে ভূপেন হাজৰিকাৰ ২০০ টা গীত বড়ো ভাষাত অনুবাদ কৰা হ'ব আৰু ইয়াৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া আৰু বড়ো বিভাগক দায়িত্ব দিয়া হৈছে আৰু কামখিনি অতি সোনকালে কৰিবলৈ কোৱা হৈছে ।
ইয়াৰোপৰি ১০ কোটি টকা ব্যয়েৰে বাক্সাৰ জালাহত ভূপেন হাজৰিকা ভৱন নিৰ্মাণ কৰা হ'ব আৰু তামোলপুৰত কলাগুৰু বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তি নিৰ্মান কৰা হ'ব বুলি সদৰি কৰিছে প্ৰমোদ বড়োৱে। ঈশ্বৰে পৃথিৱীৰ প্ৰয়োজন সাপেক্ষে কেতিয়াবা কেতিয়াবা মহামানৱৰ জন্ম দিয়ে আৰু আজি কোকৰাঝাৰত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই নিজকে ধন্য মানিছো বুলি ভাষণত উল্লেখ কৰে।
লগতে প্ৰমোদ বড়োৱে কয় যে, তেওঁলোক চৰকাৰ গঠন কৰাৰ পিছত হিংসা বন্ধ হ'ল , জাতিগত হিংসা বন্ধ হ'ল। শান্তি -নিৰাপত্তা ঘূৰি আহিছে । এই শান্তি -নিৰাপত্তা স্থায়ী কৰাৰ বাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন । বিটিআৰত থকা ১৮ টা জনগোষ্ঠীৰ কলা-কৃষ্টি-সংস্কৃতিক স্বীকৃতি দিয়াৰ বাবে বিটিআৰ চৰকাৰে কাম কৰি আছে বুলি উল্লেখ কৰি সকলোৱে মিলি বড়োলেণ্ডক সমন্বয় ক্ষেত্ৰত পৰিণত কৰাৰ আহ্বান জনাইছে প্ৰমোদ বড়োৱে ।
উল্লেখ্য যে আজি প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানতে "ভূপেন্দ্ৰ বৈভৱ" নামৰ এখন স্মৰণিকা উন্মোচন কৰা হয় । ড° ভূপেন হাজৰিকা স্মাৰক সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম , বিধায়ক লৰেঞ্চ ইছলাৰী আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ।
প্ৰণিধানযোগ্য যে ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে ভূপেন হাজৰিকা স্মাৰক সমিতিৰ উদ্যোগত আৰু বিটিচি চৰকাৰৰ পৃষ্ঠপোষকতাত কোকৰাঝাৰত এইবেলি যোৱা তিনি নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় । আজি অন্তিম দিনা অৰ্থাৎ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত কোকৰাঝাৰত ড° ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি উন্মোচনেৰে কাৰ্যক্ৰমনিকাৰ যৱনিকা পেলায় ।