দৃষ্টিহীন লোকসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ঠ পৰিমাণে নিৰ্ভৰশীল হয় ব্ৰেইলী পদ্ধতিৰ ওপৰত। ব্ৰেইলী পদ্ধতিত পূৰ্ণাংগ অভিধান কেৱল অক্সফোৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছিল। কিন্তু ১৬ ছেপ্টেম্বৰ ২০২২ত প্ৰকাশ কৰা হ'ল হেমকোষৰ ব্ৰেইলী সংস্কৰণ। সাদিন-প্ৰতিদিন গোষ্ঠীৰ এই পদক্ষেপ সাহিত্য জগতত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। এই সন্দৰ্ভত বৰষা শৰ্মাৰ বিশেষ প্ৰতিবেদন...
সকলো মানুহৰে অধিকাৰ আছে শিকাৰ। কিন্তু বহু সময়ত দৃষ্টি শক্তিৰ ক্ষেত্ৰত বাধা গ্ৰস্ত লোকসকলৰ বাবে ই কিছু কঠিন হৈ পৰে। দৃষ্টি শক্তিৰ ক্ষেত্ৰত বাধা গ্ৰস্ত লোকসকলৰ সুবিধাৰ্থে প্ৰকাশ কৰা হৈছিল ব্ৰেইলী পদ্ধতি।
ফৰাছী স্ৰষ্টা লুই ব্ৰেইলীৰ নামেৰে এই পদ্ধতিটোৰ নাম ৰখা হৈছে। শৈসৱতে এক দুৰ্ঘটনাত তেওঁ দৃষ্টিশক্তি হেৰুৱাইছিল। ১৮২৪ চনত ১৫ বছৰ বয়সত নৈশ লিখনৰ সংশোধনেৰে ব্ৰেইলীয়ে ফৰাছী বৰ্ণমালাৰ এক সংকেত বিকাশ কৰে। আৰু ১৮২৯ চনত সংগীতৰ ন'টচন সামৰি তেওঁ এই পদ্ধতি প্ৰকাশ কৰিছিল।
উপযুক্ত শিক্ষা লাভ বা ভাষাৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত হোৱাৰ ক্ষেত্ৰত এখন অভিধানে গুৰুতত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু বহু সময়ত দৃষ্টি শক্তিৰ ক্ষেত্ৰত বাধা থকা লোকসকল ইয়াৰ পৰা বঞ্চিত হোৱা দেখা যায়। কিয়নো অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বাহিৰে এতিয়ালৈকে আন কোনোৱে ব্ৰেইলী পদ্ধতিত পূৰ্ণাংগ অভিধান প্ৰকাশ কৰা নাছিল।
কিন্তু সাদিন-প্ৰতিদিন গোষ্ঠীয়ে এই লোকসকলৰ বাবে আনিছে এক আশাৰ বতৰা। প্ৰকাশ পালে অসমীয়া ভাষাক যুগ যুগান্তৰলৈ মজবুত কৰি থৈ যোৱা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি হোমকোষৰ ব্ৰেইল সংস্কৰণ । হেমকোষৰ চতুৰ্দশ সংস্কৰণটিক লৈ প্ৰকাশ হ'ল ব্ৰেইলী সংস্কৰণ।
১৬ ছেপ্টেম্বৰত উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত উন্মোচন কৰা হয় হেমকোষৰ ব্ৰেইলী সংস্কৰণ। দৃষ্টি শক্তিৰ ক্ষেত্ৰত বাধাগ্ৰস্তসকলৰ বাবে অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰত প্ৰকাশ পালে হেমকোষৰ ব্ৰেইলী সংস্কৰণ।ভাৰতীয় ভাষাৰ পূৰ্ণাংগ ব্ৰেইলী অভিধান হিচাপে প্ৰকাশ পাব অভিধান খনৰ ৫ টা খণ্ডৰ স্বৰবৰ্ণ অংশটি।
২০ টা খণ্ডত প্ৰকাশ হ'বলগীয়া হেমকোষৰ ব্ৰেইলী সংস্কৰণ হ'ল দক্ষিণ পূৱ এছিয়াৰ প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী অভিধান। ইতিমধ্যে হেমকোষৰ ১৪ তম সংস্কৰণলৈ দহটা সংস্কৰণৰ কাম কৰিছল হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাই।
অসমীয়া ভাষা সাহিত্যৰ বাবে আজি এটি সোণালী দিন হৈ জিলিকি ৰ'ব। আজিৰ এই মধুৰ দিনটোক হেমকোষৰ ব্ৰেইলী সংস্কৰণ উন্মোচন কৰিলে অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰফেচাৰ জগদীশ মুখী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দিল্লী বিশ্ববিদ্যালয়ৰ পণ্ডিত ভাৰতেণ্ডু পাণ্ডে আৰু বহু গণ্য মান্য ব্যক্তি।
ভাৰতত অক্সফোৰ্ড বিশ্ববিদ্যালয়ে ব্ৰেইলী অভিধান প্ৰকাশ কৰিছিল। তাৰপাছত বিভিন্ন ভাষাত শব্দকোষ প্ৰকাশ হৈছে। কিন্তু পূৰ্ণাংগ ব্ৰেইলী পদ্ধতিৰ দ্বিতীয়খন অভিধান নাই। অসমীয়া ভাষাত প্ৰকাশ পোৱা হেমকোষৰ ব্ৰেইলী অভিধানত প্ৰায় ১ লাখ শব্দ সন্নিবিষ্ট কৰা হৈছে। এই অভিধানখন প্ৰকাশ পোৱাৰ লগে লগে এতিয়া অসমীয়া ভাষাৰ চৰ্চা দৃষ্টিহীন সকলৰ মাজত বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি 'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই কয় যে '' জানিব পাৰিছিলো অক্সফোৰ্ডৰ বাহিৰে আন কোনো ভাষত ব্ৰেইলী অভিধান নাই। গুণী জ্ঞানী লোকসকলৰ হেমকোষৰ ব্ৰেইলী সংস্কৰণ প্ৰকাশৰ উপদেশে মোক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। হোমকোষ প্ৰকাশন তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা আজি যি ব্ৰেইলী সংস্কৰণ প্ৰকাশ কৰাৰ যি অনুভৱ সেয়া অতুলনীয় ।আজিৰ এই দিনটো পবিত্ৰ তথা মহত্বপূৰ্ণ দিন।এই অভিধান প্ৰকাশৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে ধন্যবাদ জনাইছো''।
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা পণ্ডিত ভাৰতেণ্ডু পাণ্ডেয়ে নিজৰ ভাষণত প্ৰথমে সাদিন প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জনায়। নিজৰ ভাষণত তেওঁ কয় যে, যি সকলৰ জীৱনৰ পোহৰ হেৰাই গৈছিল তাক ব্ৰেইলী লিপিয়ে পুনৰ পোহৰাই তুলিছে।
তেওঁ কয় ''এগৰাকী ঋষিয়ে কৈছিল পোহৰ বিভিন্ন প্ৰকাৰৰ থাকে। এটা হ'ল অগ্নি। সূৰ্যও যাৰ ৰূপ। দ্বিতয়টো হ'ল মানুহৰ ভিতৰত থকা আত্মপ্ৰকাশ । আৰু আন এক পোহৰ হ'ল শব্দৰ ৰূপ। যিয়ে পোহৰকো প্ৰকাশিত কৰে সকলোকে। য'ত সকলো ৰূপেই উপলব্ধ আছে''।
''আমাৰ দৰে নেত্ৰহীন লোকসকলৰ বাবে একমাত্ৰ পোহৰ হৈছে শব্দ ৰূপ পোহৰ।আমাৰ বাবে এই অভিধান উপলব্ধ কৰি এক সাদিন প্ৰতিদিন গোষ্ঠীয়ে যি মহান কাম কৰিছে তাক লৈ ধন্যবাদ জনাইছো''।
তদুপৰি সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ কৰ্মৰাজিক প্ৰশংসাৰে উপচাই পেলাই পণ্ডিত গৰাকীয়ে। তেওঁ কয় যে, পূৰ্ব পুৰুষৰ বাবে তেওঁ যি কাম কৰিছে, যি জ্ঞানৰ গংগা বোৱাইছে সেয়া অতুলনীয়।
ইফালে ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে কয় যে, ''মই আনন্দিত যে দৃষ্টিহীনসকলৰ বাবে ব্ৰেইলী সংস্কৰণ প্ৰকাশ কৰিছে সাদিন প্ৰতিদিন গোষ্ঠীয়ে। ই অভূতপূৰ্ব। ই নিশ্চিত ৰূপত সহায়ক হ'ব দৃষ্টি শক্তিত বাধাগ্ৰস্ত লোকসকলৰ বাবে। হোমকোষে অসমীয়া ভাষাত নতুন গতি দিছিল। দেৱানন্দ বৰুৱাই এই যাত্ৰা আগুৱাই নিছিল। অসমীয়া ভাষাৰ উন্নতিৰ সহায়ক হিচাপে পৰিগণিত হৈ আহিছে হেমকোষ। আজিৰ দিনটো সঁচাকৈয়ে অতি মহত্বপূৰ্ণ''।
উল্লেখ্য যে, হেমকোষৰ ব্ৰেইলী সংস্কৰণ দৃষ্টিহীন ৰাজ্যৰ বিদ্যালয়লৈ বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব। ইতিমধ্যে আজিৰ অনুষ্ঠানত এই অভিধানখন গুৱাহাটী বশিষ্ঠস্থিত দৃষ্টিহীন ল'ৰা-ছোৱালীৰ বিদ্যালয়খনকৈ অৰ্পন কৰা হয়। সাদিন প্ৰতিদিন গোষ্ঠীৰ এই পদক্ষেপে অসমীয়া সাহিত্য চৰ্চাক এক নতুন মাত্ৰা প্ৰেৰণ কৰিব। আজিৰ এই দিনটো অসমীয়া সাহিত্যৰ বাবে মাইলৰ খুঁটি হিচাপে পৰিণত হৈ ৰ'ব।