ভিত্তিহীন নেকি ভিক্টৰ দাসৰ ওপৰত নতুনকৈ উত্থাপন হোৱা অভিযোগ ?

পলমকৈ প্ৰৱেশ কৰাৰ অভিযোগ কিয় উত্থাপন নহ'ল যোৱা এবছৰে ?

author-image
Asomiya Pratidin
New Update
ভিত্তিহীন নেকি ভিক্টৰ দাসৰ ওপৰত নতুনকৈ উত্থাপন হোৱা অভিযোগ ?

ভিক্টৰ দাসৰ প্ৰসংগত তোলপাৰ ৰাজ্য। ২০২১ত টেটৰ জৰিয়তে শিক্ষক হিচাপে নিযুক্তি লাভ কৰা ভিক্টৰৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়মীয়া উপস্থিতিৰ অভিযোগ। ভিক্টৰ দাসৰ অনিয়মীয়া অনুপস্থিতিয়েই হৈ পৰিব নেকি শিক্ষকৰ গুগল শ্বীট পূৰণ বাধ্যতামূলক? এই দিশ সমূহ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ জয়দীপ নাৰায়ণ দেবৰ এক বিশেষ প্ৰতিবেদন।

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত ধনৰ লেন-দেনৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ ঘটনাই প্ৰত্যেক দিনেই লৈছে নতুন মোৰ । ১২ ছেপ্টেম্বৰত ভিক্টৰ দাসৰ হাজোৰ দদৰা বাসগৃহত অসম আৰক্ষীয়ে চলোৱা অভিযানৰ পাছতেই প্ৰকাশ পাইছিল এক নতুন তথ্য । 

কামৰূপৰ পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ত ২০২১ চনত নিযুক্তি লাভ কৰিছিল ভিক্টৰ দাসে । টেট শিক্ষকৰূপে নিযুক্তি লাভ কৰাৰ প্ৰায় এবছৰ পাছত ভিক্টৰ দাসৰ ওপৰত উত্থাপন হ'ল আন এক অভিযোগ ।

বিদ্যালয়ত অনিয়মিত হোৱাৰ উপৰিও ভিক্টৰে নিৰ্ধাৰিত সময়তকৈ পলমকৈ বিদ্যালয়ত প্ৰৱেশৰ অভিযোগ অভিভাৱকৰ । প্ৰত্যেক দিনেই প্ৰায় পুৱা নিৰ্ধাৰিত সময়ৰ পৰিৱৰ্তে ৯.৩০- ১০ বজাতহে হেনো বিদ্যালয়লৈ আহিছিল ভিক্টৰ দাস ।

ইয়াৰ উপৰিও অভিযোগ অনুসৰি বিদ্যালয়ৰ শিক্ষাৰ্থীক পাঠদান কৰাৰ পৰিৱৰ্তে শ্ৰেণীকোঠাতো ব্যক্তিগত অনলাইন প্ৰশিক্ষণতহে ব্যস্ত আছিল ভিক্টৰ দাস । আনহাতে পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়স্থিত গাঁৱৰ একাংশ অভিভাৱকৰ মতে এই অভিযোগ ভিত্তিহীন ।

ভিক্টৰ দাস সময় মতেই বিদ্যালয়ত উপস্থিত হোৱাৰ উপৰিও শিক্ষাৰ্থীসকলক সময়ে সময়ে ব্যক্তিগতভাৱে সহায়ো কৰি আহিছিল । ২০২১ চনত টেটৰ জৰিয়তে নিযুক্তি লাভ কৰা ভিক্টৰ দাসে ২০২২ বৰ্ষৰ গুণোৎসৱতো অংশগ্ৰহণ কৰিছিল ।

এতিয়া প্ৰশ্ন হয়, একাংশ অভিভাৱকে দাবী কৰাৰ দৰে যদি ভিক্টৰ সদায়েই পলমকৈ বিদ্যালয়লৈ আহিছিল তেন্তে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে কিদৰে তেওঁক উপস্থিতিৰ স্বাক্ষৰ কৰিবলৈ অনুমতি প্ৰদান কৰিলে?  নিয়ম অনুসৰি নিৰ্ধাৰিত সময়তকৈ পলমকৈ উপস্থিত হ'লে উক্ত দিনা অনুপস্থিত হিচাপে গণ্য কৰা হয় শিক্ষক গৰাকীক।

অথবা বিদ্যালয়খনৰ লগত জড়িত আন কোনো চৰকাৰী কৰ্তব্যৰ বাবে তেখেতক উক্ত দিনা প্ৰধান শিক্ষকগৰাকীয়ে পঠিয়াব লাগিব কৰ্তব্যৰ স্থানলৈ । অৱশ্যে বৈধ কাৰণত পূৰ্বতেই পলমকৈ উপস্থিতিৰ অনুমতি ল'ব পাৰে শিক্ষক এগৰাকীয়ে ।

যদি প্ৰকৃততে ভিক্টৰ দাসে বিদ্যালয়ত পলমকৈ উপস্থিতিৰ অভিযোগ সত্য হয় তেন্তে নিতৌ পলমকৈ প্ৰৱেশ কৰাৰ পাছতো কিয় জিলাখনৰ বিদ্যালয় পৰিদৰ্শকক এই বিষয়ে অভিযোগ দিয়া নাছিল প্ৰধান শিক্ষকগৰাকীয়ে। ইয়াৰ উপৰিও বিদ্যালয়ত পলমকৈ প্ৰৱেশ কৰিলে নিয়ম অনুসৰিয়েই দৰমহা কৰ্তন হোৱাৰ উপৰিও বিদ্যালয়ৰ পৰিদৰ্শকক কাৰণ দৰ্শাই দৰ্খাস্ত প্ৰেৰণ কৰিব লাগে শিক্ষকগৰাকীয়ে।

ভিক্টৰ দাসৰ ক্ষেত্ৰত চৰকাৰী নিয়ম অনুসৰিয়েই লোৱা হৈছিল নে এই ব্যৱস্থাসমূহ ? যদি এই অভিযোগ সঁচা তেন্তে কিয় এবছৰে লোৱা ন'হল কোনো পদক্ষেপ ? এই ক্ষেত্ৰত ভিক্টৰ দাসৰ সৈতে সমানেই দোষী হ'ব বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকী ।

আনহাতে, যদি এই অভিযোগ মিছা তেন্তে কাৰ নিৰ্দেশত কৰা হ'ল এই ষড়যন্ত্ৰ ? চৰকাৰী শিক্ষক এগৰাকী পলমকৈ বিদ্যালয়লৈ অহা অথবা পাঠদানৰ মাজতেই ব্যক্তিগত অনলাইন পাঠদানত ব্যস্ত থকাৰ অভিযোগ অতি গুৰুতৰ ।তেন্তে এই অভিযোগৰ জৰিয়তে সমগ্ৰ বিষয়টো আন ফালে ঢাল খোৱাই নিয়াৰ ব্যৱস্থা কৰিছে নেকি চৰকাৰে ? 

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষকে প্ৰত্যেক দিনেই গুগল শ্ৱীটত দিনটোৰ খতিয়ান দিয়াৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছিল । এতিয়া ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপিত এনেবোৰ অভিযোগে নিশ্চয়কৈ চৰকাৰৰ সেই সিদ্ধান্ত বাহাল ৰাখিবলৈ এক অযুহাত হৈ পৰিব !

যদিও সময়ে সময়ে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ কিছু শিক্ষকে পাঠদানত গাফিলতিকৰা অথবা আন অনৈতিক কাৰ্য কলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈ  আহিছে। এই অভিযোগসমূহ অতি সহজেই সংবাদ মাধ্যমসমূহেও লাভ কৰিছে আৰু এই বিষয়ত সংবাদ পৰিৱেশন কৰি আহিছে। কিন্তু ভিক্টৰ দাসৰ ক্ষেত্ৰত পূৰ্বতে তেনে কোনো অভিযোগ উত্থাপিত হোৱাৰ নজিৰ নাই।

এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকসকলক দৈনিক গুগল শ্বীট পূৰণ কৰিবৰ বাবে যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থা বাহাল ৰাখিবলৈয়ে ভিক্টৰ দাসৰ অনুপস্থিতিৰ এক অযুহাত সৃষ্টি কৰা হৈছে নেকি? ইতিমধ্যে গুগল শ্বীট পূৰণ কৰাৰ বিষয়টোক কেন্দ্ৰ কৰি ৰাজ্যৰ শিক্ষা বিভাগত সৃষ্টি হৈছে ব্যাপক বিতৰ্ক। বহু প্ৰধান শিক্ষকে সমূহীয়াকৈ গুগল শ্বীটৰ বাবেই পদত্যাগ কৰিছে। এনে প্ৰেক্ষাপটত সমগ্ৰ বিষয়টোৱেই ৰহস্যৰ মাজলৈ গতি কৰিছে।

আনহাতে ভিক্টৰ দাসৰ প্ৰধান শিক্ষক গৰাকীৰ সৈতে এক গোপন বুজাবুজি থকা বুলি অনুমান কৰিলেও শ্ৰেণীকোঠাৰ ভিতৰত অনলাইন পাঠদানত ব্যস্ত থকাৰ অভিযোগ নিশ্চয়কৈ উত্থাপন কৰিলে হয় শিক্ষাৰ্থীসকলে ! কিন্তু বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে তেনে কোনো অভিযোগ উত্থাপন কৰা নাই।

ইফালে এনেধৰণৰ প্ৰশ্নও উত্থাপন হৈছে যে, চৰকাৰী শিক্ষক এগৰাকীয়ে কোনো পধ্যেই ব্যক্তিগত ভাৱে কোচিং চলাব নোৱাৰে বুলি জনাৰ পাছতো কিয় ভিক্টৰ দাস লিপ্ত হ'ল এই কাণ্ডত ?

উল্লেখ্য যে,  ২৬ হাজাৰ পদৰ নিযুক্তি পৰীক্ষাত যাতে কোনো বেমেজালি বা খেলিমেলিৰ সৃষ্টি নহয় তাৰ বাবে ৰাজ্য চৰকাৰে পৰীক্ষাৰ পূৰ্বে যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। নিযুক্তি প্ৰক্ৰিয়া নিকা কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজেই কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিছিল। বুজ লৈছিল পৰীক্ষাৰ প্ৰস্তুতিৰ। একেদৰে সকলো বিভাগৰ কৰ্মচাৰীকে ধৰি বিষয়াসকলো জড়িত হৈ পৰিছিল এই নিযুক্তি পৰীক্ষাত। সকলো জিলাৰে সহকাৰী আয়ুক্তই নিজেই উত্তৰ বহী জমা দিবলৈ গুৱাহাটীলৈ  আহিবলগীয়া হৈছিল। কনভয়ৰ সৈতে পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই অনা হৈছিল উত্তৰ বহীসমূহ।

কিন্তু ভিক্টৰ দাস আৰু তেওঁৰ একাংশ শিক্ষাৰ্থীয়ে ৰাজহুৱাকৈয়ে উত্থাপন কৰা নিযুক্তি কেলেংকাৰীৰ বিষয়টোৱে চৰকাৰে দাবী কৰা ধৰণে গোটেই নিযুক্তি প্ৰক্ৰিয়া প্ৰকৃততে স্বচ্ছ হৈছে নে নাই সেই বিষয়ে প্ৰশ্ন উত্থাপিত কৰিছে। একেদৰে ভিক্টৰ দাসৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা স্থিতিয়েও আন বহু প্ৰশ্নৰ উত্থাপন কৰিছে। অভিযোগকাৰী ভিক্টৰৰ বিৰুদ্ধে, ডকাইতি, ধন দাবী, ধৰ্মীয় বিদ্বেষ সৃষ্টি আদিৰ দৰে আইনী ধাৰাত গোচৰ ৰুজু কৰা কাৰ্যকো সহজভাৱে ল'ব পৰা মনাই সচেতন মহলে।

assam assam education dept victor das