গৰ্ভত মৃত সন্তান লৈ চিকিৎসালয়ৰ মজিয়াত পৰি থাকিল প্ৰসূতি আৰু পাছত...

অৱশেষত চিকিৎসকৰ অভাৱত গৰ্ভত মৃত সন্তান লৈ চিকিৎসালয়ৰ মজিয়াত পৰি থকা প্ৰসূতিৰ চিকিৎসা।

author-image
Asomiya Pratidin
New Update
গৰ্ভত মৃত সন্তান লৈ চিকিৎসালয়ৰ মজিয়াত পৰি থাকিল প্ৰসূতি আৰু পাছত...

ডিজিটেল সংবাদ, মৰিগাঁও: অৱশেষত চিকিৎসকৰ অভাৱত গৰ্ভত মৃত সন্তান লৈ চিকিৎসালয়ৰ মজিয়াত পৰি থকা প্ৰসূতিৰ চিকিৎসা। বুধবাৰে সন্ধিয়া মৰিগাঁও নেলীৰ জোনমণি পাতৰ নামৰ এগৰাকী প্ৰসূতিক চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল মৰিগাঁও অসামৰিক চিকিৎসালয়ত।

কালি দিনৰ ১১ বজাত আলট্ৰা চাউণ্ড কৰি গৰ্ভৰ সন্তানটো মৃত বুলি গম পোৱাৰ পাছত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি সন্ধিয়া পাঁচ বজাত চিকিৎসালয় খনৰ প্ৰসূতি বিভাগত ভৰ্তি কৰে যদিও চিকিৎসকৰ অভাৱত চিকিৎসালয়ৰ মজিয়াত পৰি থাকিব লগীয়া হয়। এই অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে।

পৰৱৰ্তী সময়ত সাংবাদিক উপস্থিত হৈ বিষয়টোৰ সন্দৰ্ভত সাংবাদিকে জিলা উপায়ুক্তক বিষয়টো অৱগত কৰোৱাৰ পিছত নিশা জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা চিকিৎসালয়ত উপস্থিত হয়। উপায়ুক্ত আৰু সাংবাদিক উপস্থিত হোৱাৰ উমান পাই চিকিৎসকে তৎপৰতা দেখুৱাই চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

জিলা উপায়ুক্ত গৰাকীয়ে দৰিদ্ৰ পৰিয়ালটিক গুৱাহাটীত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। কিন্তু উপায়ুক্ত গৰাকী চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত চিকিৎসকে প্ৰসূতি গৰাকীক চিকিৎসা কৰাত মৰিগাঁও অসামৰিক চিকিৎসালয়তে মৃত সন্তানটি জন্ম দিয়ে।

assam morigaon treatment