বিদ্যাৰ দেৱী সৰস্বতী পূজালৈ মাজত এটা দিন,বিৰামহীন ব্যস্ততা মৃৎশিল্পীৰ

author-image
Asomiya Pratidin
New Update
বিদ্যাৰ দেৱী সৰস্বতী পূজালৈ মাজত এটা দিন,বিৰামহীন ব্যস্ততা মৃৎশিল্পীৰ

ডিজিটেল সংবাদ, কাজিৰঙা : জ্ঞান আৰু বিদ্যাৰ দেৱী সৰস্বতী পূজালৈ মাজত মাথো এটা দিন ৷ শিক্ষাৰ দেৱীক বন্দনা কৰিবলৈ সাজু ৰাজ্যৰ শিক্ষানুষ্ঠানসমুহ ৷ বাগদেৱীৰ বন্দনাৰে মুখৰিত হব ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান ৷সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ ৷ বিদ্যাৰ দেৱী সৰস্বতীৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত আছে কাজিৰঙাৰ মৃৎশিল্পীসকল ৷

সৰস্বতী পূজা বুলি কলেই ছাত্ৰ ছাত্ৰীসকলে আধ্যাত্মিক তথা পবিত্ৰতাৰে পূজা অৰ্চনা আগবঢ়াই মৃন্ময় মূৰ্তিৰ আগত ৷ সেয়েহে কাজিৰঙাৰ লগতে বিভিন্ন স্থানৰ শিক্ষানুষ্ঠান সমূহৰ প্ৰতিমা ইতিমধ্যে নিৰ্মান কৰি থকা হৈছে ৷ প্ৰতিখন শিক্ষানুষ্ঠানৰ কৃত্ৰিম বাহ্যিকতাক পৰিহাৰ কৰি আধ্যাত্মিকতাৰে বিদ্যাৰ দেৱীক অৰ্চনা কৰিবৰ বাবে প্ৰতিমা সাজু কৰিছে কৰিছে মৃৎশিল্পীসকলে ৷

আৰু পঢ়ক : শান্তিৰ বাৰ্তা লৈ চিৰাঙৰ কাজলগাঁৱত স্বেচ্ছাসেৱী সংগঠনৰ চাইকেল শোভাযাত্ৰা...

Saraswati Puja