টেঙাখাতত কেন্দ্ৰীয় মে- ডাম মে-ফী উদযাপনৰ প্ৰস্তুতি

টেঙাখাতত কেন্দ্ৰীয় মে- ডাম মে-ফী উদযাপনৰ প্ৰস্তুতি
Published on
Updated on

ডিজিটেল সংবাদ,টেঙাখাত : টাই আহোম যুৱ পৰিষদ অসম ,টেঙাখাত আঞ্চলিকৰ উদ্যোগত পূৰ্বাঞ্চল টাই সাহিত সভা,আহোম সভা,মে নাং ৰাই মুন ডুন চুন খাম,ফুৰালুং সংঘ টেঙাখাত আঞ্চলিক সমিতিৰ সহযোগত আৰু সমূহ টেঙাখাতবাসীৰ আতিথ্যত অহা ৩১ জানুৱাৰীত বিভিন্ন কাৰ্যসূচীৰে মে- ডাম-মে-ফী অনুষ্ঠিত হ'ব। টেঙাখাত কেন্দ্ৰীয় চেংৰেণ তথা লাঙি গদাপানী ক্ষেত্ৰৰ ডামচাও হৰিনাৰায়ন গগৈ সোঁৱৰণী মঞ্চত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে মে- ডাম-মে-ফী অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্ততি চলোৱা হৈছে।

সেয়ে দেওবাৰে উক্ত অনুষ্ঠানটিৰ লাইখুঁটা স্থাপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। টাই আহোম যুৱ পৰিষদ অসম,টেঙাখাত আঞ্চলিক সমিতিৰ সভাপতি ফনীন্দ্ৰ কোঁৱৰ, কাৰ্যকৰী সভাপতি শান্তনু গগৈ, যুটীয়া সম্পাদক নৱজ্যোতি দুৱৰা কুলদ্বীপ ফুকন, উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰ গগৈ, কাৰ্যকৰী সভাপতি ডেইজীৰাণী ফুকন শ্যাম, গৌতম গগৈ, সম্পাদক প্ৰাঞ্জল সন্দিকৈ আদিয়ে তত্বাৱধান কৰা তথা বহু জ্যেষ্ঠ-কনিষ্ঠৰ উপস্থিতিত ধূপ বন্তি জ্বলাই আনুষ্ঠানিক পূজা অৰ্চনা প্ৰাৰ্থনাৰে সমূহীয়াকৈ আধ্যাত্মিক পৰিৱেশত লাইখুঁটা স্থাপন কৰা হয় ।

টেঙাখাতত কেন্দ্ৰীয় মে- ডাম মে-ফী উদযাপনৰ প্ৰস্তুতি
ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীলৈ ভয় খাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে : ৰাহুল গান্ধী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in