ডিজিটেল সংবাদ,কচুৱা : কচুৱা প্ৰেছ ক্লাৱৰ ২৫বছৰ পূৰ্ণ হোৱা উপলক্ষে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন কৰিছে ৷ সেই উপলক্ষে ৩০ ডিচেম্বৰৰ পুৱা ৮-০০বজাৰ পৰা ২৫খন পতাকা উত্তোলন,বন্তি প্ৰজ্বলন আৰু ছহিদ তৰ্পণৰ পিছতে বাৰেবৰণীয়া সম্প্ৰদায়ৰ শোভাযাত্ৰা উলিওৱা হ'ব ৷
পুৱা ১০-০০ বজাৰ পৰা কুইজ ,তৰ্ক আৰু বিভিন্ন নৃত্য প্ৰদৰ্শন কৰা হ'ব ৷ আনহাতে ৩১ ডিচেম্বৰত পুৱা ১১-০০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকসকলৰ সম্বৰ্ধনাৰ পিছতে আদৰ্শ খেতিয়ক, শ্ৰমিক, কবি, সাহিত্যিক, শিক্ষক, লেখক আৰু আৰক্ষীকে আদি কৰি ২০গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনাব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
মুকলি সভাত "তুলিকা" নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰিব জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই ৷ ইপিনে মুকলি সভাত প্ৰতিদিন টাইম চেনেলৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।
আনহাতে সাংসদ প্ৰদ্যুত বৰদলৈ,বিধায়ক শশীকান্ত দাস,আমিনুল ইছলাম,জিতু গোস্বামী আৰু নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছে ৰূপালী জয়ন্তীৰ অভ্যৰ্থনা সমিতিয়ে ৷ সেয়েহে দুয়োটা দিনৰ সকলো কাৰ্যসূচীত বৃহত্তৰ কচুৱাৰ শিক্ষক সমাজ,ছাত্ৰ সমাজৰ লগতে সৰ্বধৰ্মী লোক উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ কচুৱা প্ৰেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলাম , উপ সভাপতি ৰূপজ্যোতি ভূঞাই আহ্বান জনাইছে ৷