মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি মুৰ্মুক অনুষ্ঠানত উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাসহ এটা প্ৰতিনিধি দলে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
Published on
Updated on

ডিজিটেল ডেস্ক : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। গুৱাহাটী মহানগৰী জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ।

এই অনুষ্ঠানৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থকাৰ বাবে সন্মতি প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে। অহা ১৯ আৰু ২০ অক্টোবৰত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰাষ্ট্ৰপতি মুৰ্মুক অনুষ্ঠানত উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাসহ এটা প্ৰতিনিধি দলে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
'নাটমণ্ডল',পাঠশালাৰ গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in