ডিজিটেল সংবাদ,চৰাইদেউ : বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ দিশে চৰাইদেউৰ মৈদামস্থলী । ন-ৰূপৰে সজাই তোলা হৈছে মৈদামস্থলী। অহা ৭ অক্টোবৰত চৰাইদেউৰ মৈদাম ক্ষেত্ৰত উপস্থিত হ'ব ইউনেস্ক'ৰ প্ৰতিনিধি দল ।
ইয়াকে লৈ চৰাইদেউ মৈদামস্থলীত দিনে-নিশাই চলিছে ব্যাপক প্ৰস্তুতি । নতুন ৰূপত আকৰ্ষণীয়কৈ সজাই-পৰাই তোলা হৈছে চৰাইদেউৰ মৈদামস্থলী। চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হোৱাৰ প্ৰাক-মুহূৰ্তত চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসনে আজি সন্ধিয়া মৈদাম ক্ষেত্ৰত সংবাদমেল সম্বোধন কৰে।
সংবাদমেলৰ জৰিয়তে প্ৰশাসনে বিভিন্ন জাতীয় দল-সংগঠনৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷ সংবাদমেলত চৰাইদেউ জিলাৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, শিৱসাগৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ,অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালক ডঃ দীপিৰেখা কুলিয়ে অংশগ্ৰহণ কৰে ৷