ডিজিটেল সংবাদ, বৰমা : অসম ভৈয়াম জনজাতি পৰিষদ চমুকৈ পিটিচিএৰ সাধাৰণ সম্পাদক থানেশ্বৰ বড়োই এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক ন্যায়পালিকাৰ বিচাৰত আজীৱন জেল হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত ৰঞ্জন দৈমাৰীৰ একালৰ সক্ৰিয় কৰ্মী বৰ্তমান বিধায়ক লগতে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য আৰু বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৰঞ্জন দৈমাৰীৰ মুক্তিৰ বাবে আগতিয়াকৈ কোনো ফলপ্ৰসু ব্যৱস্থা নকৰাত আশ্চৰ্য্য প্ৰকাশ কৰিছে।
এতিয়া এনডিএফবিৰ কেডাৰ সকলৰ লগতে বড়ো সকলৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত ইয়াৰ উপশমৰ বাবে কিছু কৌশলিক শিথিলতাৰে অহৈতুক সহানুভূতি প্ৰদৰ্শন কৰা দেখা যায়। মনত ৰখা উচিত বড়ো সকলৰ আত্মনিয়ন্ত্ৰন তথা প্ৰতিষ্ঠাৰ বাবে সুদীৰ্ঘ কাল সংগ্ৰামত জড়িত হৈ ন্যায়পালিকাৰ বিচাৰত আজীৱন কাল জেলত থাকিব লগীয়া হোৱাত এনডিএফবিৰ কেডাৰ বা কৰ্মী সকল ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ বড়ো সকলৰ বৌদ্ধিক মহলে সম্যকভাবে বুজি পায় যে ৰঞ্জন দৈমাৰী আজীৱন কাল জেলত থাকিলে বড়ো সকলৰ বৰ্তমান কেইজনমান শাসকীয় নেতাৰ ৰাজনৈতিকভাবে সুবিধা হয় ।
এই ক্ষেত্ৰত বৰ্তমান বিটিচি চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ দীৰ্ঘকাল পৰিকল্পনাৰ অংশ বুলি বিবেচিত হয়। বড়ো সকলৰ বৌদ্ধিক মহলে তীক্ষ্ণ দৃষ্টিৰে পৰ্য্যবেক্ষণ কৰি আহিছে যে প্ৰমোদ বড়ো এবছৰ সভাপতি হৈ থকাৰ সময়তে এনডিএফবিৰ নেতৃস্থানীয় ব্যক্তি বিশেষক কৌশলিক প্ৰভাৱিত কৰাৰ দৃঢ় পৰিকল্পনা কৰাৰ ধাৰনা হৃদয়ঙ্গম হৈছিল। বাস্তৱত যোৱা ২০২০ চনৰ ২০ জানুৱাৰী তাৰিখৰ বড়ো শান্তি চুক্তিত এনডিএফবিৰ বাবে সাধাৰণ ক্ষমাদান ( General Amesty) কোনো চুক্তি সন্নিৱিষ্ট নহ'ল আৰু সেয়ে আজি ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত ন্যায়পালিকাৰ বিচাৰ প্ৰতিফলিত হ'ল বুলিও থানেশ্বৰ বড়োই কয়।