হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য : কোনটো ব্ৰেণ্ডৰ দাম কিমান কমিল...

হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য : কোনটো ব্ৰেণ্ডৰ দাম কিমান কমিল...
Published on
Updated on

ডিজিটেল ডেস্ক : পূৰ্বৰ তুলনাত অধিক হাৰত হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য। অসম চৰকাৰৰ আবকাৰী বিভাগে ১৭ আগষ্টত সুৰাৰ নতুন নিৰিখ সন্দৰ্ভত এক বিজ্ঞপ্তি ৰাজহুৱা কৰি এই কথা উল্লখ কৰে। অহা ১ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ’ব সুৰাৰ নতুন নিৰিখ।

আবকাৰী বিভাগে ৰাজহুৱা কৰা বিজ্ঞপ্তি অনুসৰি সুৰাৰ মূল্য তলত উল্লেখ কৰা হ’ল-

  • ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস কৰা হৈছে।

  • ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস কৰা হৈছে।

  • সাধাৰণ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰামত ১১৭ টকা হ্ৰাস কৰা হৈছে।

  • ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী তথা জিন আদিৰ দাম ১৪৪ টকা হ্ৰাস কৰা হৈছে।

  • লাক্সাৰী ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ১৬৬ টকা হ্ৰাস কৰা হৈছে।

  • লাক্সাৰী ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰ ৰামৰ দাম ১৬৬ টকা হ্ৰাস কৰা হৈছে।

  • এলিগেণ্ট ব্ৰেণ্ডৰ ৫০০ৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ২১৪ টকা হ্ৰাস কৰিছে আবকাৰী বিভাগে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২৪ বৰ্ষৰ ১ এপ্ৰিলত বৃদ্ধি হৈছিল বিলাতী সুৰাৰ মূল্য। ১৫০ টকাৰ পৰা ৩১২ টকাপৰ্যন্ত বাঢ়িছিল সুৰাৰ মূল্য। তাৰোপৰি ব্ৰেণ্ড অনুসৰি বিভিন্ন নিৰিখিত বৃদ্ধি পাইছিল সুৰাৰ মূল্য।

হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য : কোনটো ব্ৰেণ্ডৰ দাম কিমান কমিল...
নগাঁও-কাৰ্বি আংলং জিলা সংযোগী পথৰ দুৰৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in