চিবিআইৰ হাতলৈ যাব নে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সোমবাৰে ডিজিপি জি পি সিং ৰাওনা হ'ব দিল্লীলৈ

author-image
Asomiya Pratidin
New Update
চিবিআইৰ হাতলৈ যাব নে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ?

ডিজিটেল ডেস্কঃ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে বিভিন্ন দল সংগঠনে জোনমণিৰ মৃত্যুৰ তদন্ত চিবিআয়ে কৰিব লাগে বুলি দাবী জনাই আহিছে।

এই লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সোমবাৰে ডিজিপি জি পি সিং ৰাওনা হ'ব দিল্লীলৈ । দিল্লীত আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়াক লৈ হ’ব আলোচনা । আলোচনাৰ পিছতে তদন্ত চিবিআইয়ে লাভ কৰাৰ সম্ভাৱনা । উল্লেখ্য যে বৰ্তমানে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিআইডিৰ হাতত ন্যস্ত আছে ।

১৬ মে'ৰ পুৱতি নিশা কলিয়াবৰত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় হৈছিল আৰক্ষী বিষয়াগৰাকীৰ । নিজ বাহনতে উদ্ধাৰ কৰা হৈছিল জোনমণি ৰাভাৰ মৃতদেহ।

Also Read: পৃথক বড়োলেণ্ডৰ দাবীঃপুনৰ জন্ম সশস্ত্র সংগঠন...

junmoni rabha