দুৰ্গা পূজাৰ আগত আৰম্ভ হ'ব শিক্ষক বদলিৰ প্ৰক্ৰিয়া : শিক্ষামন্ত্ৰী ৰণোজ পেগু

গহপুৰত স্থাপন হ'বলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ বাবে কলাবাৰী ১নং দলাত শনিবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ভূমি পৰিদৰ্শন কৰে
দুৰ্গা পূজাৰ আগত আৰম্ভ হ'ব শিক্ষক বদলিৰ প্ৰক্ৰিয়া : শিক্ষামন্ত্ৰী ৰণোজ পেগু
Published on
Updated on

ডিজিটেল সংবাদ,ছয়দুৱাৰ : গহপুৰত স্থাপন হ'বলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ বাবে কলাবাৰী ১নং দলাত শনিবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ভূমি পৰিদৰ্শন কৰে।ইয়াৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে কলাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নৱাগত আদৰণী সভাত মুখ্য অতিথি হিচাপে ভাগ লয়।

উক্ত অনুষ্ঠানতে মন্ত্ৰী পেগুৱে শিক্ষানুষ্ঠানখনৰ ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ'বলগীয়া এটি ছাত্ৰ আৱাসৰ আধাৰশিলা স্থাপন কৰে। তাৰ পিছতেই ৰজাবাৰী মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি অতিৰিক্ত শ্ৰেনীকক্ষৰ শুভ উদ্ধোধন কৰে।

শনিবাৰে ৩টাকৈ কাৰ্য্যসূচী লৈ গহপুৰলৈ অহা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে গহপুৰত স্থাপন হ'বলগীয়া কনকলতা বিশ্ববিদ্যালয় গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে স্বতন্ত্ৰ বিশ্ববিদ্যালয় হ'ব। প্ৰায় ৫০০ বিঘা মাটিত স্থাপন হ'বলগীয়া বিশ্ববিদ্যালয়খনৰ বাবে ৰাজ্য চৰকাৰে প্ৰাৰম্ভিক কাম আৰম্ভ কৰাৰ বিষয়েও সংবাদ মাধ্যমক অৱগত কৰে।

বিদ্যালয়সমূহৰ খালি থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদ পূৰণৰ প্ৰক্ৰিয়া সাক্ষাৎকাৰত উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ ভেৰিফিকেছনৰ কাম সম্পূৰ্ণ হ'লেই সম্পন্ন হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰী ৰণোজ পেগুৱে শিক্ষক বদলিৰ সম্পৰ্কত কয়-'শিক্ষক বদলিৰ ক্ষেত্ৰত যোৱা বিধানসভাত শিক্ষক বদলিৰ আইনখন সংশোধনী কৰা হয়।

শিক্ষক বদলিৰ আইনখন সংশোধন হোৱাৰ ফলত অসম চৰকাৰৰ শিক্ষা বিভাগে যথেষ্ট পাৱাৰ পায়। যাৰ ফলত শিক্ষক বদলিৰ সংশোধনী আইনখনৰ আধাৰত এতিয়া শিক্ষক বদলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যাব' বুলি উল্লেখ কৰে।

প্ৰসংগক্ৰমে তেওঁ কয় যে,অহা দুৰ্গা পূজাৰ আগত শিক্ষক বদলিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা,গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মণিষ ভড়ালীকে ধৰি প্ৰশাসনিক বিষয়া আৰু গহপুৰ বিজেপিৰ নেতৃবৃন্দ।

দুৰ্গা পূজাৰ আগত আৰম্ভ হ'ব শিক্ষক বদলিৰ প্ৰক্ৰিয়া : শিক্ষামন্ত্ৰী ৰণোজ পেগু
কাজলগাঁৱত আছাৰ চিন্তন বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in