ডিজিটেল সংবাদ, চিৰাং : ক'ভিড-১৯ পৰিস্থিতিৰ কাৰণে গুণগত শিক্ষা তথা বিদ্যালয়ৰ সৈতে ব্যৱধান ঘটা ছাত্ৰ ছাত্ৰী সকলক পুনৰ বিদ্যালয় মুখী কৰি চাৰি মাহ বিশেষ পাঠদানৰ ব্যবস্থাৰে অসমৰ ভিতৰত পোণ প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰে "প্ৰজেক্ট কেচ্ আপ" আঁচনিৰ ।
সোমবাৰে চিৰাঙত শিক্ষা বিভাগৰ অভিনৱ "প্ৰজেক্ট কেচ্ আপ" আঁচনিৰ শুভ উদ্ধোধন কৰিলে জিলা খনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই । বিগত দুটা বছৰত ক'ভিড -১৯ পৰিস্থিতিৰ কাৰণে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ এটা সময়ত শিক্ষানুষ্ঠানৰ পৰা ব্যৱধান ঘটা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক পুণৰ গুণগত শিক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে শিক্ষা বিভাগে স্বেচ্ছাসেৱী সংগঠন দ্যা এন্টৰ সহযোগত এই অভিনৱ "প্ৰজেক্ট কেচ্ আপ" আঁচনি গ্ৰহণ কৰে ।
পূৰ্বৰে পৰা গুণগত শিক্ষাৰ দিশত পিছপৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানৰ জৰিয়তে এই "প্ৰজেক্ট কেচ্ আপ" ৰ শুভাৰম্ভ কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই । এই অভিনৱ "প্ৰজেক্ট কেচ্ আপ" আঁচনিৰ জৰিয়তে অসমৰ ভিতৰত পোনপ্ৰথম বাৰৰ বাবে চিৰাং জিলাত ক'ভিড-১৯ পৰিস্থিতিৰ কাৰণে শিক্ষা তথা বিদ্যালয়ৰ লগত ব্যবধান ঘটা ছাত্ৰ ছাত্ৰী সকলক পুনৰ বিদ্যালয় মুখী কৰি তেওঁলোকে অধ্যয়ন কৰা বিদ্যালয়তে চাৰি মাহ বিশেষ পাঠদান কৰা কৰা হব বুলি মন্ত্ৰী গৰাকীয়ে উদ্ধোধনী ভাষনত সদৰি কৰে ।
এই অভিনৱ পদক্ষেপ তথা আচঁনিখন সফল ৰূপায়ন কৰি অসম তথা ভাৰতবৰ্ষত এখন আদৰ্শ হিচাপে নজিৰ স্থাপন কৰিবলৈ সকলো পক্ষকে আহ্বান জনায় । আজিৰ এই "প্ৰজেক্ট কেচ্ আপ" আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত জিলা খনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়া ববীয়া উপস্থিত থাকে ।
অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ পাৰিষদ মাধৱ ছেত্ৰী, উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিজনীৰ মহকুমাশাসক ৰাহুল গুপ্তাৰ উপৰি শিক্ষা জগতৰ সৈতে জড়িত বহু ব্যক্তি । জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ এই অভিনৱ পদক্ষেপক উপস্থিত সকলোৱে শলাগ লয় আৰু এই আচঁনিৰ সফল ৰূপায়ন কামনা কৰে ।
আৰু পঢ়ক: চিৰাঙত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ