ডিজিটেল সংবাদ, চিৰাং : প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী ব্ৰহ্ম মহিলাৰীৰ মালিকানাধীন বাথৌ খেৰাই ফেমিলী ৰিছৰ্টৰ বিৰুদ্ধে মঙ্গলবাৰ দিনা চিৰাং জিলা সদৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয় । কোকৰাঝাৰ আৰু চিৰাং জিলা এবছুৰ উদ্যোগত আৰু চিৰাং জিলা ট্ৰাইবেল সংঘ, সদৌ বিটিআৰ আক্ৰাছুকে আদি বিভিন্ন দল সংগঠনৰ সহযোগত আৰু সহস্ৰাধিক পুৰুষ মহিলাৰ উপস্থিতিত প্ৰতিবাদী সমদল উলিওৱাৰ আগতে কাজলগাঁও বজাৰ সামূহিক গৃহত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।
প্ৰতিবাদী সভাত এবছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দীনেশ বড়ো কয় যে চিৰাং জিলাৰ চম্পা বজাৰৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দাঁতিত নতুন কৈ মুকুলি হোৱা বিটিচিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী ব্ৰহ্ম মহিলাৰীৰ মালিকানাধীন বাথৌ খেৰাই ফেমিলী ৰিছৰ্টত যোৱা কিছুদিনৰ পৰা প্ৰশাসনৰ বৈধ অনুজ্ঞাপত্ৰ অবিহনেই সুৰা বিক্ৰী আৰু মনোৰঞ্জনৰ নামত উদ্দাম নৃত্য-গীত প্ৰদৰ্শন চলি আছিল । কিন্তু ১৭ চেপ্তেম্বৰ অর্থ্যাৎ বিশ্বকৰ্মা পূজাৰ নিশা প্ৰশাসনৰ অনুমতি অবিহনেই আয়োজন সঙ্গীতানুষ্ঠানত একাংশ স্বল্পবসনা যুৱতীৰ উদ্দাম নৃত্য কৰাৰ সময়ত নিচাসক্ত যুৱকৰ দ্বাৰা শ্লীলতাহানিৰ চেষ্টা কৰাৰ ভিডিও সামাজিক মাধ্যমত ভাইৰাল হোৱাৰ পিছত চিৰাং জিলাৰ লগতে পাৰ্শ্বৱৰ্তী জিলা কোকৰাঝাৰৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।
কোনোবাই হোটেল, ৰিছৰ্ট খুলি ব্যবসায় কৰক এই সন্দৰ্ভত এবছুৰ কোনো আপত্তি নাই কিন্তু ফেমিলী ৰিছৰ্ট ব্যবসায় নামত এনেদৰে মুকলি অশ্লীলতা, নৈতিক স্খলনৰ দৰে কাৰ্য্যকলাপ নিখিল বড়ো ছাত্ৰ সন্থাই সমৰ্থন নকৰে । যাৰ কাৰণে বাথৌ খেৰাই ফেমিলী ৰিছৰ্টত চলিথকা অনৈতিক কাৰ্য্যকলাপ বন্ধ কৰা লগতে স্বত্বাধিকাৰী জনীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত আজি এই প্ৰতিবাদী সমদল উলিওৱা হৈছে ।
কাজলগাঁও বজাৰৰ সামূহিক গৃহৰ পৰা যাত্ৰা আৰম্ভ কৰা প্ৰতিবাদী সমদল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আহি অন্ত পেলায় । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত এবছুৰ এটা প্ৰতিনিধি দলে উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।