ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে মঙলদৈ ৰামহৰিত দৰং জিলা কোচ ৰাজবংশী যুৱ সন্মিলনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। দুদিন পূৰ্বে বিজেপিৰ এখন দলীয় সভাত কোচ ৰাজবংশী নেতা, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰনৱ নাৰায়ন দেৱক সংসদ দিলীপ শইকীয়াই অপদস্ত কৰা আৰু সভাপতিগৰাকীৰ বিৰুদ্ধে কটু মন্তব্যৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কোচ ৰাজবংশী যুৱ সন্মিলনীয়ে।
প্ৰতিবাদৰ জৰিয়তে অতিশীঘ্ৰেই সাংসদ দিলীপ শইকীয়াক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ আহ্বান জনায় সংগঠনটোৱে।
আনহাতে সমাগম ২৪ৰ লোকসভা নিৰ্বাচনত কোচ ৰাজবংশীৰ নেতা প্ৰনৱ নাৰায়ন দেৱে বিজেপি দলৰ হৈ দৰং ওদালগুৰি সমষ্টিত টিকট বিচাৰিব বুলিও চৰ্চা লাভ কৰিছে।একাংশই এই সংঘাট নিৰ্বাচন কেন্দ্ৰিক বুলিও মন্তব্য আগবঢ়ায়।
Also Read: বায়ুসেনা বিষয়া লীলা কান্ত বৰাৰ সোঁৱৰণত 'স্মৃতিৰ সঁফুৰা' উন্মোচন