বহিৰাগতৰ দখলত খিলঞ্জীয়াৰ ভূমি, আছুৰ তীব্ৰ প্ৰতিবাদ

টোকোনামাৰীত খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
বহিৰাগতৰ দখলত খিলঞ্জীয়াৰ ভূমি, আছুৰ তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,হাজো: হাজোৰ টাকোনমাৰীত তীব্ৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ। খিলঞ্জীয়াৰ ভূমি বেদখল মুক্ত কৰাৰ দাবীত ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে। বহিৰাগতই খিলঞ্জীয়াৰ ভূমি দখল কৰাক কেন্দ্ৰ কৰি সৰৱ হৈ উঠে প্ৰতিবাদকাৰীসকল। এই প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰা হয় পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত।

উল্লেখ্য, খিলঞ্জীয়াৰ পাঁচশ বিঘা ভূমি একাংশ সন্দেহজনক লোকে ভয় ভাবুকিৰে বেদখল কৰাৰ বিৰুদ্ধে এনেদৰে ৰাজপথলৈ ওলাই আহে আছুৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজ। ‘হাজো প্ৰশাসন হায় হায়’, ‘খিলঞ্জীয়াৰ ভূমি মুক্ত কৰক’, ‘দালাল চক্ৰ হায়’ শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল পৰিৱেশ সৃষ্টি কৰে।

অতিশীঘ্ৰে খিলঞ্জীয়াৰ ভূমি ওভতাই নিদিলে ইয়াতকৈও জংগী আন্দোলন কৰাৰ হুংকাৰ প্রদান কৰে প্ৰতিবাদকাৰীসকলে। সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পংকজ কলিতা আৰু কামৰূপ আছুৰ সভাপতি নৱজ্যোতি দাস।

আনহাতে প্ৰতিবাদস্থলীত উপস্থিত হোৱা হাজোৰ চক্ৰ বিষয়াক আছুৰ  নেতৃত্বই এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Also Read: সাপজুৰীত লোমহর্ষক হত্যাকাণ্ডঃ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

aasu Land rights