চাহ জনগোষ্ঠীৰ কৰম পূজাৰ বন্ধক লৈ বিতৰ্ক অব্যাহত

চাহ জনগোষ্ঠীৰ কৰম পূজাৰ  বন্ধক লৈ  বিতৰ্ক অব্যাহত
Published on
Updated on

ডিজিটেল ডেস্কঃ চাহ জনগোষ্ঠীৰ কৰম পূজাৰ বন্ধক লৈ অব্যাহত আছে বিতৰ্ক। ২৫ ছেপ্তেম্বৰত 'পেইড হলী ডে' হিচাপে কৰম পূজাৰ বন্ধ ঘোষণা কৰা হৈছিল। ইয়াকে লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ২৫ ছেপ্তেম্বৰৰ দিনটো 'পেইড হলী ডে' হিচাপে ঘোষণা কৰা বাবে এতিয়া এই বন্ধৰ সলনি অন্য বন্ধৰ দিনত কাম কৰিব লাগিব শ্ৰমিকসকলে। সেইবাবে এতিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চাহ শ্ৰমিকসকল।

শনিবাৰে গোলাঘাটৰ লেতেকুজান চাহ বাগিচাৰ দৈগ্ৰুং শাখাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আটছাৰ গোলাঘাট শাখাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। খুমটাইটো আটছাই ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী।

কৰম পূজাৰ বন্ধক লৈ দিয়া চৰকাৰী নিৰ্দেশনাক লৈ অসন্তুষ্ট প্ৰতিবাদকাৰীয়ে এই বন্ধ মানি লোৱা নহ'ব বুলি উল্লেখ কৰি অসম চৰকাৰ তথা গৃহ বিভাগে চাহ শ্ৰমিকসকলক প্ৰতৰণা কৰাৰ লগতে চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজাক অপমানিত কৰা বুলিও ক্ষুভ ব্যক্ত কৰে। লগতে এই সিদ্ধান্তৰ বাবে অসম চৰকাৰ আৰু গৃহ বিভাগক প্ৰতিবাদকাৰীসকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

চাহ জনগোষ্ঠীৰ কৰম পূজাৰ  বন্ধক লৈ  বিতৰ্ক অব্যাহত
'স্পাৰ্ক মিষ্টাৰ এণ্ড মিছ গ্লেম'ত উজলিল চতিয়াৰ বৰ্ষা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in