পথ নিৰ্মাণৰ দাবীত গহপুৰত প্ৰতিবাদ

পথ নিৰ্মাণৰ দাবীত গহপুৰত প্ৰতিবাদ

Published on

ডিজিটেল সংবাদ,গহপুৰ : গহপুৰত ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ এটা পথক লৈ গহপুৰৰ উত্তৰাঞ্চলৰ একাংশ ৰাইজে প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলে ৷ ২০২১-২২ বৰ্ষত অসম চৰকাৰে বাজেটত গহপুৰৰ ঘগৰাবস্তি হৈ লখিমপুৰ সংযোগ হোৱাকৈ অসম মালাত ২৮ কিলোমিটাৰ এটা পথ ধৰা হৈছিল ৷

সেই মৰ্মে প্ৰথম অৱস্থাত পথৰ মাৰ্কিং,চাৰ্ভে , ডি পি আৰ পৰ্যন্ত সম্পূৰ্ণ কৰা হ'ল । কিন্তু বৰ্তমান প্ৰায় দুই বছৰ পাৰ হোৱাৰ পিছতো আৰম্ভ নহ'ল পথৰ কাম ৷ ইয়াৰ বিপৰীতে পথটো নিৰ্মাণ নকৰি আন ঠাইত নিৰ্মাণৰ যো-জা চলোৱা বুলি জানিব পৰা গৈছে ।

আনহাতে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই পথটোৰ সম্পৰ্কে নিগেটিভ মন্তব্য কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে । ইয়াৰোপৰি আৱন্টিত পথটো অতি সোনকালে নিৰ্মাণৰ দাবীত বৃহস্পতিবাৰে ওলাই আহে একাংশ ৰাইজ। ৰাইজে বাহিৰ কৰে প্ৰতিবাদী সমদল ৷

অত্যন্ত ভিতৰুৱা প্ৰায় ৬১ খন গাঁও আৰু ৬ টাকৈ গাঁও পঞ্চায়তৰ মাজেৰে যোৱা এই পথটোৰ জৰিয়তে লখিমপুৰ আৰু বিশ্বনাথ দুয়োখন জিলাৰ ৰাইজ উপকৃত হ'ব ৷ উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী ২০২১ চনত এই পথ নিৰ্মানৰ কথা ঘোষণ কৰিছিল । ইয়াৰ পাছতো নিৰ্মাণ হোৱা নাই পথটো।

পথ নিৰ্মাণৰ দাবীত গহপুৰত প্ৰতিবাদ
সামাজিক মাধ্যমত ট্ৰ'লৰ সন্মুখীন যতীন বৰাৰ 'ৰাঘৱ' : আৰক্ষীৰ কাষ চাপিল প্ৰযোজকগৰাকী
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in