মুৰ্কংচেলেক মহাবিদ্যালয়ত ৰাজহুৱা সভা

মুৰ্কংচেলেক মহাবিদ্যালয়ত ৰাজহুৱা সভা
Published on
Updated on

ডিজিটেল সংবাদ,জোনাই : জোনাই মহকুমাৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান মুৰ্কংচেলেক মহাবিদ্যালয়। মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপন সন্দৰ্ভত দেওবাৰে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ৰাজহুৱা সভা এখন অনুষ্ঠিত কৰা হয়।

মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলেৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। এই সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সভাপতি মহেন্দ্ৰ টায়ে, সম্পাদক তুষাৰ ঙাটেৰ লগতে বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকে।

সভাত আগন্তুক ডিচেম্বৰ মাহত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপন সন্দৰ্ভত আলোচনা কৰি এক উদযাপন সমিতি গঠন কৰাৰ লগতে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাই মূলাকান্ত পেগুক সভাপতি, মনবাদুৰ চেত্ৰী কাৰ্যকৰী সভাপতি, বুদ্ধেশ্বৰ বৰি, নবীজ দলে, দিনেশ পেগুক উপ-সভাপতি, ৰয়েল পেগুক সাধাৰণ সম্পাদক, লোহিত ফুকন, সঞ্জয় পেগু, মিণ্টু পেগু, কেমৰাজ লাগাছুক সহকাৰী সম্পাদক, বিজু দলেক কোষাধ্যক্ষ হিচাপে লৈ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপন সমিতি গঠন কৰা হয়।

তদুপৰি সভাত মঞ্চ-মণ্ডপ, স্মৃতিগ্ৰন্থ, সাংস্কৃতিক, প্ৰচাৰ, শব্দ-পোহৰ, প্ৰাক্তন শিক্ষাৰ্থী সমন্বয়ৰক্ষী সমিতি, অতিথি আপ্যায়ন, খাদ্য, পানী যোগান, স্বেচ্ছাসেৱক আদি উপ-সমিতি গঠন কৰা হয়। উদ্যোক্তাসকলে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখনি সফল কৰি তোলাত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে সদৌটি ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিত কামনা কৰিছে।

মুৰ্কংচেলেক মহাবিদ্যালয়ত ৰাজহুৱা সভা
শদিয়াৰ আঠ মাইলত উদ্ধাৰ পৰশুৰামকুণ্ডত সন্ধানহীন শোভা শ্বাহৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in