ঢকুৱাখনা বিধানসভা সমষ্টি সংৰক্ষণমুক্ত দাবী সমিতিৰ ৰাজহুৱা সভা

ঢকুৱাখনা বিধানসভা সমষ্টি সংৰক্ষণমুক্ত দাবী সমিতিৰ ৰাজহুৱা সভা
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: ভাৰতবৰ্ষৰ মুখ্য নিৰ্বাচনী আয়োগক স্বতন্ত্ৰ সংস্থা হিচাবে বিশ্বাস কৰা হয়। কিন্তু কাৰ্যতঃ ভাৰতৰ নিৰ্বাচন আয়োগে এই বিশ্বাসযোগ্যতা  ঢকুৱাখনাবাসীৰ ওচৰত হেৰুৱাইছে বুলি আক্ষেপ একাংশৰ।

১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিবাসী অজনজাতীয় নাগৰিকৰ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে এই আয়োগে ।  ভাৰতীয় সংবিধানৰ ৮২ নং অনুচ্ছেদ অনুসৰি প্ৰতি ১০ বছৰৰ মূৰে-মূৰে সম্পন্ন হ'বলগীয়া সমষ্টি সংৰক্ষণ প্ৰক্ৰিয়া সংশোধনী নীতিলৈ পিঠি দি সাংঘাতিক সাংবিধানিক অপৰাধ সংঘটিত কৰিছে আয়োগে।

অনুসূচীত জনজাতিৰ বাবে বিগত ৫৮ টা বছৰে ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিটো একেৰাহে সংৰক্ষণ কৰি আয়োগে সমষ্টিটোৰ অজনজাতীয় নাগৰিকৰ সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰি অক্ষমনীয় অপৰাধ কৰিছে । ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টি সংৰক্ষণমুক্ত দাবী সমিতিৰ বুধবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাত এই মন্তব্য কৰে দাবী সমিতিৰ মুখ্য উপদেষ্টা গুণ ফুকনে।

ঢকুৱাখনা নৰ্মাল স্কুল প্ৰাংগণত বুধবাৰে বিয়লি অনুষ্ঠিত এখন জনাকীৰ্ণ ৰাজহুৱা সভাত স্বাধীকাৰ বিচৰা গণতান্ত্ৰিক সংগ্ৰামখনৰ নেতৃত্ব দিয়া দাবী সমিতিৰ মুখ্য উপদেষ্টা ফুকনে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই জাৰি কৰা খচৰা সমষ্টি সীমা পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াক অতি ক্ৰুটিপূৰ্ণ আৰু ৰাজনৈতিক ভাবে প্ৰভাৱপুষ্ট এক অদ্ভুত খচৰা বুলি অভিহিত কৰে।  সমষ্টিটোৰ অজনজাতীয় নাগৰিকৰ  স্বাৰ্থৰ পৰিপন্থী এই খচৰা দেশৰ নিৰ্বাচন আয়োগে প্ৰস্তুত  নকৰি শাসক দল আৰু চৰকাৰেহে কৰিছে বুলি অভিযোগ উত্থাপন কৰে।

এই সন্দৰ্ভত উল্লেখ কৰে যে, ৰাজনৈতিকভাৱে প্ৰভাৱিত এই পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ন্যায়ৰ পৰিবৰ্তে অজনজাতিয় নাগৰিকৰ প্ৰতি চূড়ান্ত অন্যায় কৰি সাংবিধানিক অপৰাধ কৰা হৈছে। লগতে এই অন্যায় আৰু প্ৰতাৰণাৰ  বিৰূদ্ধে ৰাইজ ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাই আৰু প্ৰবঞ্চিত নাগৰিকৰ শেষ আশ্ৰয় আৰু অন্যতম  বিকল্প  উচ্চতম ন্যায়ালয় বুলি মন্তব্য কৰে।

সমষ্টি সংৰক্ষণমুক্ত দাবী সমিতিৰ কাৰ্যকৰী সভাপতি পদ্মেশ্বৰ কোচৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত বিধানসভা সমষ্টিটোৰ কেইবা শতাধিক ন্যায়কামী নাগৰিক আৰু দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। জনাকীৰ্ণ সভাত লালিত্য কুমাৰ দাসে সমষ্টি সীমা পুনৰ নিৰ্ধাৰণৰ খচৰাৰ জৰিয়তে দেশৰ নিৰ্বাচন আয়োগে ঢকুৱাখনা সমষ্টিবাসী অজনজাতীয় নাগৰিকৰ  মৌলিক আৰু সাংবিধানিক জন প্ৰতিনিধিত্বৰ  অধিকাৰৰ পৰা বঞ্চিত কৰা বুলি মন্তব্য কৰে।

ইয়াৰোপৰি এই অবৈধ আৰু ক্ৰুটিপূৰ্ণ প্ৰক্ৰিয়াৰ সবল প্ৰতিবাদ কৰি সমষ্টিতো সংৰক্ষণ মুক্ত কৰাত দল মত নিৰ্বিশেষে একত্ৰিত হোৱাৰ সময় সমাগত বুলি কয়। দাসে গণতান্ত্ৰিক আৰু ন্যায়িক যিকোনো প্ৰকাৰে যুঁজি নাৰ্য অধিকাৰ সাব্যস্ত  কৰি ঢকুৱাখনাক সংৰক্ষণ মুক্ত কৰাৰ বাবে সকলোকে ব্ৰতী হোৱাৰ আহ্বান জনায়।

সভাত দাবী সমিতিৰ সম্পাদক চুছেন গগৈয়ে বিগত ২০১৯ চনৰ পৰাই অব্যাহত ৰখা সমষ্টিতো সংৰক্ষণমুক্ত কৰাৰ গণতান্ত্ৰিক সংগ্ৰামখনৰ অন্যতম অংশৰ কথা উল্লেখ কৰে। শেহতীয়াভাৱেদেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত,ৰাজ্যৰ মুখ্যমন্ত্ৰীক লিখিতভাৱে জনাই অহা দাবী সন্দৰ্ভত সভাত বিস্তৃতভাৱে অৱগত কৰি নিৰবিছিন্নভাৱে ৫৮ বছৰৰো অধিক কাল অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত কৰি অন্য অজনজাতীয় নাগৰিকৰ অধিকাৰ পদপিষ্ট কৰা বুলি উল্লেখ কৰে।

এই অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে জনমত সৃষ্টি কৰি এঘড়ী গণতান্ত্ৰিক ভাবে যুঁজাৰ বাবে সকলোকে সস্তম হোৱাৰ আহ্বান জনায়। সভাত সমিতিৰ উপদেষ্টা ভদ্র গগৈয়ে ১৯৬২ চনৰ পৰাও অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ কৰি ৰখা ঢকুৱাখনা বিধানসভা সমষ্টিটোৰ ৩৯.৬০ শতাংশ নাগৰিক জনজাতি হোৱাৰ বিপৰীতে বাকী ৬০.৪০ শতাংশ নাগৰিক অজনজাতীয় বুলি প্ৰামানিক তথ্য দাঙি ধৰি কি যোগ্যতাৰে এনে অসাংবিধানিক সংৰক্ষণ কৰি আয়োগে ৰাখিছে বুলি প্ৰশ্ন কৰে।

তেওঁ এই অবৈধ সংৰক্ষণ নীতিৰ বাবেই অৰ্ধশতিকা ধৰি সমষ্টিবাসী অজনজাতীয় নাগৰিক সৰ্বদিশত পিছ পৰি ৰোৱা বুলি উল্লেখ কৰে। তেওঁ কয় যে,ঢকুৱাখনাৰ ২৪ টা দল সংগঠনে এই অবৈধ সংৰক্ষণ নীতি বাতিলৰ দাবীৰে মুখ্যমন্ত্ৰী , মুখ্য নিৰ্বাচনী আয়ুক্তক জনগাঁঠনিৰ তথ্যসহ অৱগত কৰাৰ পাছতো তালৈ ভ্ৰূক্ষেপ নকৰি চূড়ান্ত  প্ৰতাৰণা কৰিছে।

এনে বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে মাৰবান্ধি অধিকাৰ সাব্যস্ত কৰাৰ গণতান্ত্ৰিক সংগ্ৰামত ব্ৰতী হোৱাৰ আহ্বান জনায়। সভাত জ্যেষ্ঠ নাগৰিক ভবেন্দ্ৰ নাথ ভঁৰালী, উত্তম বৰুৱা, বিনয় গোহাঁই, ৰাজু খনিকৰ,সুভাষ দিহিঙীয়া, গোবিন বৰুৱা, গংগেশ্বৰ বৰুৱা, হৰি নাৰায়ন গগৈ ,ক্ষীৰোদ শইকীয়া , কুল প্ৰসাদ গগৈ , মিঠাৰাম চেতিয়া, দেউকণ গগৈ আদি বিভিন্ন বক্তাই নাৰ্য প্ৰাপ্য ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ বিচৰা সংগ্ৰামখন অধিক তীব্রতৰ আৰু জনদায়বব্ধ কৰি তোলাৰ স্বাৰ্থত সাংগঠনিক ভেঁটি মজবুত কৰাত মনোনিবেশ কৰাৰ সমান্তৰালভাৱে আইনী যুঁজ আৰু আৰ্থিকভাৱে সষ্টম হোৱাৰ পৰামৰ্শ আগবঢ়ায়।

সভাত অৰ্ধশতিকা ধৰি চক্ৰান্তমূলকভাৱে ৰাজনৈতিক অধিকাৰ লাভৰ পৰা সমষ্টিটোৰ অজনজাতীয় নাগৰিকক বঞ্চিত আৰু প্ৰতাৰিত কৰি অহা অসাংবিধানিক আৰু অবৈধ কাণ্ডৰ বিৰুদ্ধে  জনমত সৃষ্টি কৰি ,গাঁও সমিতি গঠন কৰি সজাগতা সৃষ্টিৰে ঐক্যবদ্ধ গণতান্ত্ৰিক আৰু আইনগত সংগ্ৰামৰ পাতনি মেলাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে। সভাত সমষ্টিটোৰ অজনজাতিয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা দি অহা দেশৰ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত চলিত খচৰা প্ৰক্ৰিয়াৰ সময়তে প্ৰত্যাহাৰ নকৰিলে অনাগত সময়ত নিৰ্বাচন বর্জনৰ দৰে কঠোৰ সিদ্ধান্ত লোৱাৰ হুংকাৰ দিয়ে।

ইয়াৰ বাবে নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰেই মূলতঃ জগৰীয়া হ'ব বুলি সভাই সকীয়াই দিয়ে। আনহাতে তৎকালে ঢকুৱাখনা সমষ্টিটো সংৰক্ষনমুক্ত কৰি সকলো জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ বাবে  মুকলি কৰি দিয়াৰ দাবী জনায়।

ঢকুৱাখনা বিধানসভা সমষ্টি সংৰক্ষণমুক্ত দাবী সমিতিৰ ৰাজহুৱা সভা
মত নিমিলিল ! সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ মঞ্চ এৰিলে আবাহন,হেঙুল আৰু ইতিহাস থিয়েটাৰে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in