ডিজিটেল সংবাদ, বেকাজানঃ বৰহোলাৰ সেউজী কানন শাখা সাহিত্য সভাৰ উদ্যোগত কাকডোঙা হাবিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয়। সেউজী কানন শাখা সাহিত্য সভাৰ সভাপতি ৰূপা নেওগ হাজৰিকাই সঞ্চালনা কৰা সভাত পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰি কাকডোঙা হাবিগাঁও উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক পংকজ পূজাৰীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে ৰাভা সংগীত তথা সৃষ্টিশীল নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক, কাকডোঙা হাবিগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ইন্দ্ৰ বৰা তথা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলা সাহিত্য সভাৰ উপ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বৰহোলা মহাবিদ্যালয় উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড।
ইফালে বেকাজান জাতীয় বিদ্যালয়তো বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰা হয়। এই উপলক্ষে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে উপাধ্যক্ষ বিপিন নাতে। ইয়াৰ পিছত ৰাভাৰ শিল্পী সত্তাৰ ওপৰত আলোকপাত কৰে মণ্টুচ্ কোঁৱৰে। আনহাতে ৰাভা সংগীত পৰিৱেশন কৰে প্ৰিয়ংকা গগৈ আৰু দিক্ষীতা গগৈয়ে। আকৌ তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানতো ৰাভা দিৱস উদযাপন কৰা হয়। ৫৪ সংখ্যক মৃত্যু বাৰ্ষিকীত গণ সংগ্ৰামী বিষ্ণুপ্ৰসাদ ৰাভাক প্ৰাতঃ শিক্ষাৰ্থী সংসদত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।
শিক্ষাৰ্থী অন্বেষা বৰুৱাই আঁত ধৰা অনুষ্ঠানত কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষ ইন্দ্ৰনীল ভূঞাই মহান শিল্পীগৰাকীৰ সৃষ্টি কৰ্মৰ সন্দৰ্ভত আলোকপাত কৰে। গাইডেন্স কাউন্সিলৰ নৱাব মুস্তাফা আহমেদে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত গণ সংগ্ৰামী শিল্পী গৰাকীৰ সামাজিক দৰ্শনৰ সন্দৰ্ভত মাৰ্গদৰ্শন কৰে। অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী ৰুণু বৰবৰাই বিপ্লৱী শিল্পীগৰাকীৰ বৰ্ণাঢ্য জীৱনৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
ডঃ অখিল কুমাৰ গগৈয়ে "বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি" শীৰ্ষক কবিতা আবৃত্তি কৰে। শিক্ষাৰ্থী ক্ৰমে সঞ্জনা গোহাঁইয়ে বক্তব্য, অনামিকা দত্তই গীত আৰু অৰ্পিতা বৰুৱাই ৰাভা বিষয়ক কবিতা আবৃত্তি পৰিৱেশন কৰে। ইয়াৰ পূৰ্বে মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচীৰে শুভাৰম্ভ হয়। অনুষ্ঠানত কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ কোচিং ইন-চার্জ তথা কেৰিয়াৰ বিশেষজ্ঞ আব্দুল হামিদ, শিক্ষক তত্বাৱধায়ক দীপাংকৰ বৰাকে প্ৰমুখ্যে কৰি শিক্ষক/শিক্ষয়িত্ৰী, কৰ্মচাৰী, শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।
Also Read: অসম বিজ্ঞান-প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ: দুই সহস্ৰাধিকলৈ ডিগ্ৰী...