বাক্সাৰ দীঘেলীৰ ৰাইজে দোহাৰিলে সাম্প্ৰতিক সময়ত বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা...

বাক্সাৰ দীঘেলীৰ ৰাইজে দোহাৰিলে সাম্প্ৰতিক সময়ত বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা

author-image
Asomiya Pratidin
New Update
বাক্সাৰ দীঘেলীৰ ৰাইজে দোহাৰিলে সাম্প্ৰতিক সময়ত বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা...

ডিজিটেল সংবাদ, বাক্সা : কৃষক, বনুৱাৰ মুক্তিৰ মন্ত্ৰ লৈ সমাজবাদী চিন্তাৰে প্ৰতিবাদী কণ্ঠ হৈ বাক্সা জিলাৰ বৰমাৰ দক্ষিণে অৱস্থিত দীঘেলীত আত্মগোপন কৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সেই দিনৰ স্মৃতি মঙ্গলবাৰে পুনৰ দোহাৰিলে দীঘেলীবাসীয়ে।

বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনটোত দীঘলী হাইস্কুল প্ৰাঙ্গনত থকা কলাগুৰুৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰি তাহানিৰ দিনৰ স্মৃতিবোৰৰ কথা কয় জ্যেষ্ঠলোকে। দীঘেলী অঞ্চলৰ জমিদাৰী প্ৰথা তথা কৃষকৰ সমস্যা সমাধান আৰু মুক্তিৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত আন্দোলন গঢ় লৈ উঠিছিল বুলি ব্যক্ত কৰে জ্যেষ্ঠসকলে।

গীত, মাতৰ জড়িয়তে তেওঁ আন্দোলনৰ প্ৰতি ৰাইজক সজাগ কৰিছিল বুলিও মত উপস্থিতসকলৰ। কলা পতাকা উৰুৱাই স্বাধীনতাক প্ৰত্যাখ্যান কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ মুক্তিৰ পথৰ পথিক তাহানিৰ লোকৰ বসতিস্থল দীঘেলীৰ ৰাইজে আজিও শ্ৰদ্ধাৰে সোঁৱৰে।

Also Read: নগাঁও ৰাঙলুত নিম্ন মানৰ সামগ্রীৰে পথ নিৰ্মাণ : ক্ষোভিত ৰাইজ

Bishnu Prasad Rabha